পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এক ভয়াবহ বিস্ফোৰণ কাণ্ড ৷ বিস্ফোৰণত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে অতিকমেও ১০জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ কৰাচীৰ খাৰাদাৰ এলেকাত এই বিস্ফোৰণ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
সোমবাৰে নিশা কৰাচীৰ খাৰাদাৰ অঞ্চলত এই প্ৰচণ্ড বিস্ফোৰণ কাণ্ড সংঘটিত হয়, যাৰ ফলত এজন নিহত হোৱাৰ লগতে আহত হৈছে অঞ্চলটোৰ কেইবাগৰাকীও লোক । অৱশ্যে আৰক্ষী আৰু উদ্ধাৰকাৰী কৰ্তৃপক্ষ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক উদ্ধাৰ কৰে আৰু বিস্ফোৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷
বিস্ফোৰণস্থলীৰ চাৰিওফালৰ অঞ্চলটো ঘন বসতিপূৰ্ণ আৰু চহৰখনৰ এটা উল্লেখনীয় ব্যৱসায়িক কেন্দ্ৰ। ইয়াত ব্যৱসায়ীসকলে প্লাষ্টিকৰ সামগ্ৰী আৰু সঁজুলিৰ লেনদেন কৰে। কৰাচীৰ প্ৰশাসক মুৰ্তাজা ৱাহাবে উক্ত ঘটনা সন্দৰ্ভত ব্যক্ত কৰিছিল যে ছয়জন ব্যক্তিক আঘাতপ্ৰাপ্ত অৱস্থাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তথাপিও, তেওঁ কৈছিল যে এই সংখ্যা বৃদ্ধি হ’ব পাৰে।
পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ বিষয়াসকলে নিশ্চিত কৰিছিল যে তেওঁলোকে এগৰাকী মহিলাৰ মৃতদেহ পাইছিল আৰু আন ১০ জনক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
যদিও বিস্ফোৰণ সন্দৰ্ভত কোনো নিৰ্দিষ্ট কাৰণ জানিব পৰা হোৱা নাই, বিস্ফোৰক সামগ্ৰীৰ ফলত এই ভয়াবহ বিস্ফোৰণ সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে আশংকা কৰিছে ।