অৰুণাচল প্ৰদেশৰ কুৰুং কুমেয় জিলাৰ দর্গম সীমান্ত অঞ্চলৰ পৰা বিগত এপষেক ধৰি নিৰুদ্দেশ হোৱা ১৯ জন শ্ৰমিকৰ ভিতৰত পাঁচজনৰ মৃতদেহ ঘন অৰণ্যত উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে যোৱা দুদিনমানত হুৰি আৰু তাপাৰ মাজৰ ঘন অৰণ্যত অভিযান চলাই পাঁচটা মৃতদেহ উদ্ধাৰ কৰে ৷ কুৰুং কুমেয়ৰ উপাযুক্ত নিঘী বেঙীয়াই জানিবলৈ দিয়ে এই কথা ৷ এই প্ৰসংগতে তেওঁ কয় -‘বিভিন্ন স্থানত মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এটা ২৫ জুলাইত, তিনিটা ২৬ জুলাইত আৰু এটা ২৮ জুলাইত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷” পাঁচটা মৃতদেহ উদ্ধাৰৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে বুলিও তেওঁ কয়। তেওঁ সদৰী কৰা অনুসৰি হিকমত আলীৰ মৃতদেহ ফুৰাক নদীত উটি আহিছিল ৷ মৃতদেহসমূহ সম্পূর্ণৰূপে গেলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ভাৰত-চীন সীমান্তৰ জিলা সদৰ ক’ল’ৰিয়াঙৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডামিন চক্ৰৰ পথ নিৰ্মাণস্থলীৰ পৰা যোৱা ৫ জুলাইত পলায়ন কৰিছিল অসমৰ শ্ৰমিক কেইজন। ইয়াৰ পিছতে আঠ আৰু ১১ জনীয়া দুটা গোটত ভাগ হৈ খোজকাঢ়ি নিজৰ ঘৰলৈ ৰাওনা হয় আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে।
এতিয়ালৈকে দহজন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে নিৰুদ্দেশ হোৱা বাকী তিনিজন শ্ৰমিক মৃত বা জীৱিত অৱস্থাত উদ্ধাৰ নোহোৱা পৰ্যন্ত তালাচী অভিযান অব্যাহত ৰাখিবলৈ আৰক্ষী, এছ ডি আৰ এফ আৰু স্থানীয় দলক নিৰ্দেশ দিয়া বুলি জিলা উপায়ুক্তগৰাকীয়ে কয়। ২৩ জুলাইত অনুসন্ধান অভিযান আৰম্ভ কৰা বায়ু সেনাৰ হেলিকপ্টাৰে বেয়া বতৰৰ বাবে অভিযান স্থগিত ৰাখিছে ৷বতৰ উন্নত হ’লেই অভিযান পুনৰ আৰম্ভ হ’ব ৷ উপায়ুক্তগৰাকীয়ে জনোৱা মতে, মৃতদেহ উদ্ধাৰ হোৱা শ্ৰমিককেইজন হৈছে ফৰিজুল হক, মইজাল হক, সোহৰ আলী আৰু আবুল হুছেইনৰ। পঞ্চমটো মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাইআনহাতে জীৱন্তে উদ্ধাৰ কৰা শ্ৰমিক কেইজন হৈছে খাইৰুল ইছলাম (২৬), মজিদুল আলী (৩০), মনোহৰ হুছেইন (১৮), ইনামুল হুছেইন (১৮), জয়নাল আলী (৪৫), হামিদুল হুছেইন, আব্দুল আমিন, ইব্ৰাহিম আলী, খোলেবুদ্দিন শ্বিয়ক (২৭) আৰু ছামিদুল শ্বেইক (১৯) ৷