কেবল জনপ্ৰিয়তা লাভৰ বাবে চীনৰ এজন বল্গাৰে কৰা কার্যই সকলোৰে চকু কপালত তুলিছে ৷ দর্শকৰ অধিক সঁহাৰি লাভৰ আশাত টিজি নামেৰে পৰিচিত ব্লগাৰ গৰাকীয়ে কেমেৰাৰ সন্মুখতে পুৰি খালে এটা বিৰল বগা শ্বার্কৰ মঙহ ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি বিৰল শ্বার্কটো ভক্ষণ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
জুলাই মাহৰ মাজভাগত প্ৰকাশ কৰা এটা ভিডিঅ’ত টিজিয়ে শ্বার্কৰ মঙহৰ ডাঙৰ ডাঙৰ টুকুৰাবোৰ কটাৰ সময়ত কয় যে ইয়াক কঠিন যেন লাগিব পাৰে, কিন্তু ইয়াৰ মাংস সঁচাকৈয়ে অতি কোমল। আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই বগা প্ৰজাতিৰ শ্বার্কক বিৰল প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিছে ৷
যোৱা কেইটামান দশকত শ্বাৰ্কৰ সংখ্যা হ্ৰাস পাইছে ৷ চীনত বগা শ্বার্ক সুৰক্ষিত প্জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। অবৈধভাৱে এই শ্বার্ক ৰাখিলে পাঁচৰ পৰা ১০ বছৰ পর্যন্ত কাৰাদণ্ড হ’ব পাৰে। অৱশ্যে প্ৰায় ৮০ লাখ অনুগামী থকা টিজিক শাস্তি দিয়া হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই।
স্থানীয় সংবাদ মাধ্যমৰ আগত টিজিয়ে কয় যে তেওঁ “আইনী মাধ্যম”ৰ জৰিয়তে শ্বাৰ্কটো লাভ কৰিছিল ৷ কিন্তু স্থানীয় কৃষি ব্যুৰোৱে সোমবাৰে তেওঁৰ দাবী অস্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ চীনত শুকান বেবী শ্বাৰ্কৰ মাংস মেকুৰীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহুতো অনলাইন ষ্ট’ৰত কিনিব পাৰি।