নগাঁও জিলাৰ বেবেজীয়াৰ ৪নং নামঘৰৰ সমীপৰ নিবাসী তথা বিশিষ্টা সমাজকৰ্মী-ধৰ্মপৰায়ণ সৰবৰহী মহিলা মীৰা শৰ্মাৰ শনিবাৰে নিশা ৯:৪৫বজাত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ । উল্লেখ্য যে মীৰা শৰ্মা সোমবাৰে পুৱা হঠাতে অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পাছত চিকিৎসকৰ পৰামৰ্শ মতে মীৰা দেৱীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।
১৯৫৩ চনৰ ৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা মীৰা দেৱীয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে শোণিতপুৰ জিলাৰ ৰঙাপাৰা প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰীৰূপে কৰ্মৰত আছিল । তদুপৰি তেখেত বেবেজীয়া আঞ্চলিক সাৰ্বজনীন পূজা মন্দিৰৰ মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা আৰু বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ এগৰাকী সক্ৰিয় সদস্যা আছিল । মীৰা শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত আজি পুৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
দুপৰীয়া শোকাকুল পৰিৱেশত শৰ্মাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত তেখেতে স্বামী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰতি কান্ত শৰ্মা,দুজন পুত্ৰ,এগৰাকীকৈ বিবাহিত জীয়ৰী-জোঁৱাই আৰু বোৱাৰী,এজনী নাতিনীসহ ইষ্ট কুটুম্বক এৰি থৈ যায় । মীৰা শৰ্মাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,বেবেজীয়া আঞ্চলিক পূজা সমিতি,বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজ,আৰ্য জাতীয় বিদ্যালয়,প্ৰেছ ক্লাৱ- বেবেজীয়া,নগাঁও জিলা বাৰ্তাজীৱী সংঘ,বেবেজীয়া প্ৰগতি সংঘ,বেবেজীয়া শাখা নাট্য সন্মিলন,বেবেজীয়া আঞ্চলিক শাখা সাহিত্য সভা,স্বেচ্ছাসেৱী অনুষ্ঠান ফেণ্ডছ-এ হেল্পিং হেণ্ডকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে । মহিলাগৰাকীৰ মৃত্যুত বেবেজীয়া অঞ্চলত শোকৰ ছাঁ পৰিছে ।