প্ৰায় এবছৰ আগতে ইৰাণত হিজাব বিৰোধী আন্দোলনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাহছা আমিনি নামৰ এগৰাকী ২২ বছৰীয়া কিশোৰীক সঠিকভাৱে হিজাব পৰিধান নকৰাৰ বাবে ইৰাণৰ নৈতিক আৰক্ষীয়ে ৰাজপথৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পিছতে আৰক্ষীৰ জিম্মাত তেওঁৰ মৃত্যু হয়। আৰক্ষীৰ বিৰুদ্ধে মাহছাক অত্যাচাৰ কৰাৰ অভিযোগ উঠে । এই ঘটনাৰ আধাৰত ইৰাণৰ বিভিন্ন প্ৰান্তত হিজাব বিৰোধী আন্দোলন আৰম্ভ হয়। কিন্তু চৰকাৰে হিজাব পৰিধানৰ ক্ষেত্ৰত শিথিলতা অনাৰ পৰিৱর্তে এইবাৰ হিজাব আইনক অধিক কঠিন কৰি তোলাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে ঘোষণা কৰা হৈছে যে নতুন আইনৰ অধীনত ছোৱালীয়ে পোছাক পৰিধানৰ নিয়ম মানি নচলিলে ৫ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব। লগতে ভাৰতীয় মুদ্ৰাত ৭ লাখ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে ।
ইছলামিক দণ্ডবিধিৰ ৩৬৮ ধাৰাক হিজাব আইন বুলি কোৱা হয়। পূর্বেও হিজাব পৰিধান নকৰিলে এই আইনখনৰ অধীনত শাস্তি দিয়া হৈছিল ৷ অৱশ্যে ১০ দিনৰ পৰা দুমাহলৈ কাৰাদণ্ড আৰু ভাৰতীয় মুদ্ৰাত ৯৭ টকাৰ পৰা ৯৭৭ টকা জৰিমনাৰ বিধি আছিল । এতিয়া সেইটোৱেই সৰ্বোচ্চ জৰিমনা ৭ লাখ টকা হোৱাৰ লগতে ৫ বছৰৰ পৰা ১০ বছৰলৈ কাৰাদণ্ডৰ সময়সীমা বৃদ্ধি কৰা হয় । স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যোৱা দুসপ্তাহত সমগ্ৰ দেশতে বৃদ্ধি পাইছে কুখ্যাত ‘নিতি-পুলিচ’ৰ টহল। প্ৰশাসনৰ মতে ইৰাণত ছোৱালীৰ বাবে হিজাব পৰিধান কৰাটো বাধ্যতামূলক। ৰাজহুৱা স্থানত সঠিকভাৱে মূৰ ঢাকি নোলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আইন মানি চলাত ব্যৰ্থ হ’লে গ্ৰেপ্তাৰ কৰা হ’ব।
কেৱল হিজাব পৰিধান কৰাই নহয়, ছোৱালীয়ে ‘সতীত্ব’ বজাই ৰাখিব লাগিব। কিন্তু যদিহে মূৰটো ভালদৰে ঢাকি নাথাকে তেন্তে ইয়াক সৰ্বোচ্চ অপৰাধ বুলি গণ্য কৰা হ’ব। কোনো চেলিব্ৰিটিয়ে যদি আইন ভংগ কৰে তেন্তে শাস্তি অধিক কঠোৰ হ’ব বু;লিও উল্লেখ কৰা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব নোৱাৰিব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে। যদি কোনো ব্যৱসায়ীয়ে তেওঁৰ মহিলা কৰ্মচাৰীক হিজাব পৰিধানৰ পৰা ৰেহাই দিয়ে তেন্তে ব্যৱসায়ীজনক তিনি মাহৰ লভ্যাংশৰ জৰিমনা বিহা হ’ব। বিশ্ববিদ্যালয়, প্ৰশাসনিক কাৰ্যালয়, উদ্যান, পৰ্যটন কেন্দ্ৰ, চিকিৎসালয়, পুৰুষ আৰু মহিলাৰ বিভাজন অধিক স্পষ্ট হ’ব।