শেহতীয়াকৈ তামিলনাডু চৰকাৰে ৰাজ্যখনৰ ৩৮০০০ মন্দিৰলৈ এক জাননী জাৰি কৰিছে। বহু যুগ ধৰি মন্দিৰত জমা হৈ থকা সোণসমূহ ৰাজ্যখনৰ প্ৰগতিত ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
তামিলনাডু চৰকাৰে অব্যৱহৃত সোণসমূহ গলাই টকালৈ ৰূপান্তৰ কৰিব। ভৱিষ্যতে সেই টকা পইচা ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নত ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰিছে।
তামিলনাডু চৰকাৰৰ পদক্ষেপে এক নতুন চিন্তাৰ খোৰাক যোগাইছে। আমাৰ দেশ ভাৰতবৰ্ষত প্ৰাচীন দৌল দেৱালয় আছে। এই দেৱালয়সমূহৰ ভড়ালত প্ৰচুৰ পৰিমাণে সম্পদ আছে। কেৰেলাৰ পদ্মনাভ স্বামী মন্দিৰৰ দৰে প্ৰাচীন মন্দিৰসমূহত এতিয়াও অমূল্য সম্পদেৰে ভৰপূৰ।
মন্দিৰসমূহত বহুতো সোণ, হীৰাৰ দৰে মূল্যবান ধাতু অব্যহৃত ভাবে জমা হৈ আছে। ঋণৰ বোজাত ডুব গৈ থকা চৰকাৰে আৰ্থিক সংকটৰ সময়ত এই দেৱালয়সমূহৰ মূল্যবান সম্পদসমূহ দেশৰ সাধাৰণ জনগণৰ প্ৰগতিৰ হকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা চৰকাৰৰ লগতে সাধাৰণ জনতাও উপকৃত হ’ব।