আৰু কিছুদিনৰ পাছত নতুন বিধানসভা, নতুন চৰকাৰ গঠন হ’ব গুজৰাটত। ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা এক প্রতিবেদনে ৰাজ্যত প্রায় তিনি দশক ধৰি ক্ষমতাত থকা বিজেপিক অস্বস্তিত পেলাইছে ৷ প্ৰতিবেদন অনুসৰি সেই ৰাজ্যৰ অধিকাংশ প্ৰতিনিধিয়ে বিধানসভাৰ পুঁজিৰ ধন খৰচ কৰিব নোৱাৰিলে। পাঁচ বছৰত আবণ্টন দিয়া ১০৭৬ কোটি টকাৰ ভিতৰত ২৭২ কোটি টকাই ঘূৰি আহিছে!
ৰাজ্য চৰকাৰৰ অস্বস্তি আৰু অধিক বৃদ্ধি কৰি, উন্নয়নমূলক প্রকল্পত ধন ব্যয় কৰিব নোৱাৰা বিধায়কসকলৰ ভিতৰত আছে মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল ৷ঘাটলোডিয়াৰ এইজন বিধায়কে লাভ কৰা ধনৰ ২৭ শতাংশও নিজৰ বিধায়ক পুঁজিও খৰচ কৰিব নোৱাৰিলে। তাতোকৈ শোচনীয় অৱস্থা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ। ৰাজকোট (পশ্চিম) সমষ্টিত ৪২ শতাংশ বিধায়ক পূজিৰ ধন ব্যয় হোৱা নাছিল। কেৱল সেয়াই নহয়, ২০২১ চনত ৰূপানীক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ পিছত তেওঁৰ বিধানসভা সমষ্টিত বিধানসভাৰ কোনো পুঁজি ব্যয় নহ’ল।
২০১৭ চনৰ পৰা ২০২২ চনলৈ এই পাঁচ বছৰত মোদীৰ গৃহৰাজ্যত বিধানসভাৰ পুঁজিৰে ৯,৮১৫টা উন্নয়নমূলক কাম কৰা হৈছে। কিন্তু ৬,৬৮৮ টা প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে। আৰু ৫২১২টা প্ৰকল্প মাজভাগত বন্ধ কৰি দিয়া হৈছে। পুঁজি ব্যয়ৰ ক্ষেত্ৰত বিৰোধী কংগ্ৰেছৰ বিধায়কসকল কিছু পৰিমানে সক্ৰিয় হিচাপে বিবেচিত হৈছে ৷ ৰাজ্যখনৰ বিৰোধী দলপতি সুখৰাম ৰাথোৰে কয় যে বিধানসভাৰ পুঁজিৰ মাত্ৰ ৮.৩১ শতাংশহে কেন্দ্ৰলৈ ঘূৰি গৈছে।
প্ৰসংগক্ৰমে ৰাজ্যৰ প্ৰতিজন বিধায়কে নিজৰ অঞ্চলৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ডেৰ কোটি টকা লাভ কৰে। এই ধনেৰে কেনেধৰণৰ কাম কৰিব পাৰি সেই সম্পৰ্কে তেওঁ সংশ্লিষ্ট প্ৰশাসনক প্ৰয়োজনীয় পৰামৰ্শ দিয়ে। কিন্তু ৫ বছৰৰ পাছত যেতিয়া নতুন বিধানসভা গঠন হয়, সেই ধন খৰচ কৰিব নোৱাৰালে পুনৰ ঘূৰাই লোৱা হয় ৷