কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা মুকলি কৰিব হৰ ঘৰ দস্তক শীৰ্ষক ক’ভিড ভেকচিন প্ৰদান অভিযান। দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মানদাভিয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত এই অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিপাৱালীৰ প্ৰাকক্ষণত ধনতেৰছৰ পবিত্ৰ দিনটোত কেন্দ্ৰীয় চৰকাৰে এই অভিযানৰ শুভাৰম্ভ কৰিব। এমাহ জোৰা এই অভিযানৰ সময়ত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান কৰিব। বিশেষকৈ যিসমূহ জিলাত ক’ভিড ভেকচিন প্ৰদানৰ হাৰ এতিয়াও নিম্ন, সেই জিলাসমূহত এই অভিযানৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব। এই অভিযানৰ সময়ত ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় দুয়োপালি প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ৭৭ শতাংশ যোগ্য নাগৰিকে ইতিমধ্যে প্ৰথম পালি ভেকচিন লৈছে। আনহাতে ৩৭ শতাংশই ক’ভিডৰ দুয়োপালি ভেকচিন লাভ কৰিছে। বৰ্তমান ১০ কোটিতকৈয়ো অধিক যোগ্য ব্যক্তিয়ে এপালিও ভেকচিন লাভ কৰা নাই বুলি তেওঁ প্ৰকাশ কৰিছে। তদুপৰি ১০.৩৪কোটি লোকে নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তত পুনৰ ক’ভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতত ভেকচিন প্ৰদান প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ কৰা হৈছে। সম্প্ৰতি ব্ৰিটেইন ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উপস্থিত হোৱাৰ পাছতে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন জিলাত ভেকচিন প্ৰদানৰ হাৰ এতিয়াও ৫০ শতাংশৰ তলত। সেয়েহে হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে এই জিলাসমূহত ভেকচিন প্ৰদানৰ হাৰ উন্নত হ’ব বুলি আশা কৰা হৈছে।