দেশৰ ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিবলৈ শেহতীয়াকৈ ক্ৰয় কৰিছে এখন বিলাসী বিমান। বয়িং 777 ভি ভি আই পি এয়াৰক্ৰাফ্টখনক সৰ্বতোপ্রকাৰে বিলাসী কৰি তোলাৰ লগতে অত্যধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়া ওৱান নামেৰে পৰিচিত বিমানখনত বিশেষকৈ সুৰক্ষাৰ দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা পুৰণি 749 বিমানৰ সলনি বিগত বৰ্ষৰ পৰা এই বয়িং 777 বিমান ব্যৱহাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়া এই বিমানৰ মালিক আছিল যদিও বিমানখন ইতিমধ্যে ভাৰতীয় বায়ু সেনাক অৰ্পণ কৰা হৈছে। বিমানখন নিৰ্মান কৰোঁতে ব্যয় হৈছে 8400 কোটি টকা। বি 777 বিমান খনত আছে অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা। যাক লাৰ্জ মিছাইল এয়াৰক্ৰাফ্ট The B777 ইনফ্ৰেয়াৰ্ড কাউণ্টাৰ মিজাৰ চিষ্টেম আৰু চেল্ফ প্ৰটেকচন চুইটছ হিচাপে জনা যায়।
বিমানখনত অশোক স্তম্ভৰ ছবি থকাৰ লগতে ভাৰত শব্দটো ইংৰাজী আৰু হিন্দী ভাষাত লিখা আছে। ভাৰতীয় বায়ু সেনাৰ পাইলতে এই বিমানখন পৰিচালনা কৰে। বিমানখনে ভাৰতৰ পৰা আমেৰিকা পৰ্যন্ত একেৰাহে যাব পাৰে। ইন্ধন ভৰোৱাৰ বাবে কতো ৰখাব লগীয়া নহয়। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা বিমানখনৰ সৈতে একেধৰণৰ সুৰক্ষা ব্যৱস্থা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বর্তমান ব্যৱহাৰ কৰা বিমানখনত।
আনহাতে যথেষ্ট আহল বহল বিমান খনত আছে আন কেইবাটাও সুবিধা। আকাশত ভ্ৰমণ কৰি থকাৰ সময়তো মোদীয়ে বিমানখনৰ পৰাই কৰিব পাৰে চৰকাৰী কাম কাজ। ইয়াৰ বাবে আছে সুকীয়া কাৰ্যালয় কোঠা। বিষয় ববীয়াৰ সৈতে আলোচনাত বহিবলৈ আছে কেইবাটাও কনফেৰেন্স কক্ষ।
2020 চনৰ ফেব্ৰুৱাৰীত আমেৰিকাই এই দুই প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতক 190 নিযুত ডলাৰত বিক্ৰী কৰিবলৈ সন্মত হৈছিল।বিমান খনত আছে এডভান্সড কমিউনেকচন চিষ্টেম। টেক্সাছৰ চেণ্ট এন্টনিঅত বিমানখনত বিশেষ সুৰক্ষা ব্যৱস্থা সংযোজিত কৰা হৈছে। 2020 চনৰ জুলাই মাহত এই বিমানখনৰ নিৰ্মান সম্পূৰ্ণ কৰি ভাৰতক অৰ্পণ কৰাৰ কথা আছিল যদিও কভিড মহামাৰীৰ বাবে নিৰ্মান কাৰ্য যথেষ্ট পলমকৈ সম্পূৰ্ণ হয়। যোৱা 26 মাৰ্চত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তৰ্জাতিক ভ্ৰমণৰ বাবে এই বিমানখন ব্যবহাৰ কৰে। কোভিডৰ পাছত প্ৰথমবাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ ওৱান বিমানেৰে মোদীয়ে বাংলাদেশে ভ্ৰমণ কৰিছিল।