সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰে পৰা আৰম্ভ হৈছে ‘স্বাস্থ্য সেৱা উৎসৱ’।এই মূল্যায়ন কাৰ্যসূচীৰ প্ৰথম দিনটোত ১৭ টা স্বাস্থ্যকেন্দ্ৰ মূল্যায়ন কৰে বাহ্যিক মান নিৰ্ধাৰণকাৰী দলে।
কামৰূপ মহানগৰ জিলাৰ মুঠ ৫০টা স্বাস্থ্যকেন্দ্ৰক ইয়াৰ অধীনত সামৰি লোৱা হৈছে। এই উৎসৱত মূলতঃ স্বাস্থ্যকেন্দ্ৰসমূহক আন্তঃ গাঁথনি, মানৱ সম্পদ আৰু সেৱা প্ৰদানৰ ভিত্তিত মূল্যায়ন কৰা হ’ব।
আজিৰ দিনটোত সোণাপুৰ জিলা চিকিৎসালয়, পাণ্ডু এফ আৰ ইউ, পূৱ গুৱাহাটী ৰাজ্যিক চিকিৎসালয়, ধীৰেণপাৰা এফ আৰ ইউ, খাৰঘূলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ভেটাপাৰা ইউ এছ ডি, লখৰা ৰাজ্যিক চিকিৎসালয়, সাতগাঁও ৰাজ্যিক চিকিৎসালয়কে ধৰি কেবাখনো চিকিৎসালয় পৰিদৰ্শন কৰে বাহ্যিক মূল্যায়কসকলে।
প্ৰথম দিনটোত বাহ্যিক মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে আই এ এছ বিষয়া সিদ্ধাৰ্থ সিং, আই পি এচ বিষয়া বিনোদ কুমাৰ, এপি এচ বিষয়া অনিল কুমাৰ শৰ্মা, এচিএছ বিষয়া ফজলুল হক চৌধুৰী, জুৰি গগৈ, ৰীতা গগৈ, মৌচুমী বৰুৱা, পাৰভেজ আমিন, গৌতম কুমাৰ মজুমদাৰ আৰু স্মিতাক্ষী বৰুৱাই।
চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃ গাঁথনি আৰু সেৱা প্ৰদানৰ গুণগত মানৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই উৎসৱ ৮ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।