সমগ্ৰ অসমৰ লগতে কাইলৈৰ পৰা অহা ৮ এপ্ৰিললৈ কামৰূপ জিলাৰো সৰ্বমুঠ ৮০ খন স্বাস্থ্য সেৱা প্ৰতিষ্ঠান “স্বাস্থ্য সেৱা উৎসৱ, ২০২৩”ৰ জৰিয়তে মূল্যায়ন কৰা হ’ব।
উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম হিচাপে আৰম্ভ হ’বলগীয়া “স্বাস্থ্য সেৱা উৎসৱ”ৰ জৰিয়তে সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিতকৰণৰ পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব। এই মূল্যায়ন কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ ২১ খন জিলা চিকিৎসালয়, ১৬খন মহকুমা চিকৎসালয়, ২০৫ খন সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু ১,০১০ খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি সৰ্বমুঠ ১,২৫২ খন চৰকাৰী স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱা হ’ব।
এই কাৰ্যসূচীৰ অধীনত কামৰূপ জিলাৰো সৰ্বমুঠ ৮০ খন স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰা হ’ব। এই মূল্যায়নে জিলাখনৰ তোলাৰাম বাফনা জিলা অসামৰিক চিকিৎসালয়কে ধৰি ১ খন উপ-সংমণ্ডল অসামৰিক চিকিৎসালয়, ১৩ খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ৬৫ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক সামৰি ল’ব। এই মূল্যায়নত ১০৭ গৰাকী বাহ্যিক মান নিৰ্ধাৰণকাৰী (External Assessor) আৰু ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ বহ্যিক মূল্যায়কে (External Evaluator) তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা জিলাখনৰ চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰি সামগ্ৰিক স্বাস্থ্য সেৱাৰ মূল্যায়ন কৰিব। বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়াই বাহ্যিক মান নিৰ্ধাৰণকাৰী হিচাপে চিকিৎসালয় সমূহ পৰিদৰ্শন কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ সচিব, আতিৰিক্ত সচিব, যুটীয়া সচিব পৰ্যায়ৰ ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই বাহ্যিক মূল্যায়কৰ ভূমিকা পালন কৰিব। বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণৰ জৰিয়তে বাহ্যিক মান নিৰ্ধাৰণকাৰী বিষয়া সকলক ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। ইয়াৰ লগতে জিলাৰ বিধায়ক সকলকো এই স্বাস্থ্য উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে।