যোৱা ৩৬ ঘণ্টা ধৰি মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। মহাৰাষ্ট্ৰৰ কংকন অঞ্চলৰ ৰায়গড় জিলাৰ খালাপুৰ তহচিলৰ ইৰশালৱাড়ী গাঁও বুধবাৰে নিশা ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰে। এই প্ৰতিবেদন লিখাৰ সময়লৈকে গাওঁখনত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত দহজন লোকৰ মৃত্যু হৈছে। বহু পৰিয়াল গাঁওখনত আবদ্ধ হৈ আছে।
স্থানীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ ১৫০ৰ পৰা ২০০ মিলিমিটাৰ বৰষুণ হয়। গাঁওখনৰ প্ৰায় ৫০টা পৰিয়াল ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযানৰ বাবে সক্ৰিয় হৈ পৰিছে দুৰ্যোগ সঁহাৰি বাহিনী। বৰষুণত ২৫ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হয়।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ধ্বংসস্তুপৰ তলত আবদ্ধ হৈ বহু ঘৰচীয়া জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছে। ৰায়গড় জিলাৰ ৰাজ্যপাল যোগেশ মাছে কয় যে ভূমিস্খলনৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। ইতিমধ্যে দাদা ৱুছে আৰু উদয় সামন্তৰ দৰে দুই এজন মন্ত্ৰীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে।