কিডনীৰ অবৈধ বেহাৰ ৰেকেটত জড়িত থকাৰ গুৰুতৰ অভিযোগ থকাৰ পাছতো মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসালয়ত এজন চিকিৎসকে নাম সলনি কৰি চাকৰি কৰি থকা কার্যই ৰহস্যৰ সৃষ্টি কৰিছে। কিডনী ৰেকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা চিকিৎসকজন হৈছে অক্ষয় সন্তোষ ৰাৱাট। সম্প্ৰতি এই চিকিৎসকজনে নিজৰ নাম সলনি কৰি গুৱাহাটীৰ জয়ানগৰস্থিত এজাইল হাস্পতালত কৰ্মৰত হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি এই চিকিৎসকজনে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ লগতে নিজৰ নাম ৰিচাৰ্ড আব্ৰাহম লৰেন্স লৈ সলনি কৰি এজাইল হাস্পতালত কাম কৰি আছে। কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিৰ পত্নীক পলুৱাই আনি আত্মগোপন কৰি থকা এইজন চিকিৎসকক দিছ্পুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে থকা গুৰুতৰ অভিযোগসমূহৰ তথ্য পোহৰলৈ আহিছে।
তেঁওৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত কিডনী ৰেকেটত জড়িত থকাৰ তথ্য উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে। তেওঁৰ পিতৃকোএই কিডনী ৰেকেটৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ডেৰাডুন আৰক্ষীয়ে। বৰ্তমানেও কাৰাগাৰত আছে ধৃত চিকিৎসকজনৰ পিতৃ অমিত কুমাৰ ৰাৱাট। অক্ষয় সন্তোষ ৰাৱাটৰ পিতৃয়েও নিজৰ নাম সলনি কৰিছিল বুলি জানিব পৰা গৈছে।
তেওঁৰ পিতৃৰ প্ৰকৃত নাম আছিল সন্তোষ ৰাৱাট। এনে এক ঘৃণনীয় অপৰাধৰ সৈতে জড়িত থকা কাৰ্যত অভিযুক্ত হৈ থকাৰ পাছতো কিদৰে চিকিৎসকজনে নাম সলনি কৰি এজাইল হাস্পতালত কাম কৰি আছিল,তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছিল।
ইপিনে, চিকিৎসক জনে গুৱাহাটীৰ হাস্পতালখনত কর্মৰত হৈ থকা অৱস্থাতো কিডনীৰ অবৈধ ব্যৱসায় চলাই আহিছিল নেকি বুলিও ৰাইজৰ মনত প্ৰশ্ন হৈছে। অৱশ্যে ইয়াৰ বাবে দিছপুৰ আৰক্ষীৰ তদন্তলৈ অপেক্ষা কৰিব লাগিব।