ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:–কাজিৰঙাৰ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত বৰষুণৰ পানী জমা হৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়ত ব্যৱস্থা ।মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ বহুকেইবাজন আহত হ’বলগীয়া হৈছে । উজনি- নামনিৰ পথ যাতায়তৰ অন্যতম বস্ততা পূৰ্ণ কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভূগিব লগীয়া হৈছে বাছ বা ব্যক্তিগত বাহনেৰে যাতায়ত কৰা যাত্ৰীসকলো ৷ অভিযোগ অনুসৰি কাজিৰঙালৈ ভি আই পি বা ভি ভি আই পিৰ আগমণৰ সময়ত জোৰা-টাপলি মাৰি মসৃণ কৰি পেলোৱা হয় পথচোৱা ৷ কিন্তু দুদিন পাৰ নৌহওঁতেই পুনৰ ধৰা দিয়ে পথটোৰ বিধ্বস্ত অৱস্থাই ৷ কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে নিশাটোৰ ভিতৰতে ব্ল’ক ইটাৰ ওপৰত ব্লেক টেপিং কৰি পথছোৱা নতুনকৈ সজাইছিল লোক নিৰ্মাণ বিভাগে ৷
সম্প্ৰতি যমৰ-যন্ত্ৰণাত উজনি-নামনি অভিমুখী বাহনৰ চালকৰ লগতে যাত্ৰী ৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই পথেৰে অতিক্ৰম কৰোঁতে গোলাঘাট জিলাৰ উপায়ুক্তক পথছোৱা মেৰামতিৰ কথা কৈছিল যদিও গা নলৰে সংশ্লিষ্ট বিভাগৰ ৷ বিশেষকৈ “এনিমেল কৰিড’ৰ” সমূহত অধিক ভয়াবহ হৈছে পৰিস্থিতি । স্পৰ্শকাতৰ “এনিমেল কৰিড’ৰ”ত পাৰ্কিং বন্ধ যদিও ঠায়ে ঠায়ে বিকল হৈ ৰৈছে বাহন ৷ তাৰ পাছতো চৰকাৰে পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে কাজিৰঙাবাসী । সকলোৰে অভিযোগ যে বিভাগে সকলো দেখিও নেদেখাৰ ভাও ধৰি থকাৰ বাবে দিনক দিনে পথটোৰ অৱস্থা বিপদাপন্ন হৈ পৰিছে ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৷