বৰদিনৰ সময়ত নিজৰ বাসগৃহ বহুতে সজাই পৰাই তোলে । কিন্তু আমেৰিকাৰ বাসিন্দা জোৱেল ষ্ট্ৰাছাৰ নামৰ এজন ব্যক্তিয়ে বৰদিনৰ সময়তে এক ব্যতিক্ৰমী পদক্ষেপেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ ঘৰ বা খ্ৰীষ্টমাচ ট্ৰী সজাবলৈ ব্যৱহাৰ কৰা সামগ্ৰী নিজৰ দাড়িত লগাই লৈ তেওঁ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷
শেহতীয়াকৈ জোৱেলে ৭১০টা সৰু সৰু ৰঙীন বলেৰে তেওঁৰ দাড়ি সজাইছিল । সেয়াও ৷ এক নতুন বিশ্ব অভিলেখ। তেওঁ হৈছে দাড়িত সৰ্বাধিক অলংকাৰ পিন্ধা ব্যক্তি । এই নতুন নজিৰেৰে জোৱেলে নিজৰেই অভিলেখ ভংগ কৰিলে। ইয়াৰ পূৰ্বে ২০১৯ চনত ৩০২টা, ২০২০ চনত ৫৪২টা আৰু ২০২১ চনত ৬৮৬টা অলংকাৰ দাড়িত পৰিধান কৰিছিল।
নতুন নজিৰ গঢ়ি জোৱেলে অত্যন্ত আনন্দিত হৈ পৰিছে ৷ তেওঁ প্ৰকাশ কৰে যে আগতে তেওঁ নিজৰ ইচ্ছামতে দাড়ি সজাইছিল। কিন্তু এতিয়া এটা বিশেষ কৌশলেৰে দাড়িত অলংকাৰসমূহ পৰিধান কৰে ৷ ফলত বৃহৎ সংখ্যক অলংকাৰ তেওঁ একেলোগে পৰিধান কৰিব পাৰে ৷
৭১০টা গোলকৰ মুঠ ওজন আছিল প্ৰায় ২.২৬ কিলোগ্ৰাম। প্ৰতিটো গোলক এটা সুকীয়া ক্লিপৰ সহায়ত সংলগ্ন কৰা হয়। ইমানবোৰ অলংকাৰ পিন্ধাটো যথেষ্ট কষ্টকৰ বুলিও জোৱেলে উল্লেখ কৰে। কেৱল বৰদিনৰ সজ্জাই নহয়, দাড়িত আন বিভিন্ন বস্তু লগোৱাৰ তেওঁৰ নজিৰ আছে । ইয়াৰ আগতে তেওঁ দাড়িত খেৰ, টুথপিকৰ লাঠি বা চপষ্টিক লৈ চর্চা লাভ কৰিছিল ৷