ৰাজ্যৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ সেৱাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে গুৱাহাটী-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে অংশ লোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে গুৱাহাটী ষ্টেচনত উপস্থিত থাকে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা , কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল, ৰেল ৰাজ্য মন্ত্ৰী নিশিথ প্ৰামাণিক ৷ ।
ৰে’লখন পুৱা ৬.১০ বজাত নিউ জলপাইগুৰি ষ্টেচনৰ পৰা যাত্ৰা কৰিব। সন্ধিয়া ৭:৫০ বজাত নিউ আলিপুৰদুৱাৰত উপস্থিত হ’ব। আৰু ১১:৪০ বজাত গুৱাহাটী পাব । বিয়লি ৪:৩০ বজাত গুৱাহাটীৰ পৰা ভাৰতৰ পৰা যাত্ৰা কৰিব ৰেলখনে। নিশা ১০ বজাত উপস্থিত হ’ব নতুন জলপাইগুৰিত।
বন্দে ভাৰতে ৫.৩০ ঘণ্টাত ৪১১ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিব। আগতে নতুন জলপাইগুৰিৰ পৰা দ্ৰুততম ৰেলযোগে গুৱাহাটীলৈ যাবলৈ ৬.৩০ ঘণ্টা সময় লাগিব। বন্দে ভাৰতে সপ্তাহত ৬ দিন গুৱাহাটী-নতুন জলপাইগুৰি পথত চলাচল কৰিব ৷মঙলবাৰেহে বন্ধ থাকিব এই সেৱা। ৰে’লৱেৰ সহযোগী কোম্পানী আই আৰ চি টি চিয়ে কয় যে এ চি চেয়াৰ গাড়ীৰ যাত্ৰীসকলে ১২২৫ টকা আৰু বিশেষ চেয়াৰ গাড়ীৰ যাত্ৰীসকলে ২২০৫ টকা ব্যয় কৰিব লাগিব ৷
এই নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে দেশত বন্দে ভাৰত ৰে’লৰ সংখ্যা হ’ল ৩৪খন। এই পৰ্যন্ত বন্দে ভাৰতে ২১খন ৰাজ্যক সেৱা আগবঢ়াই আছে। অদূৰ ভৱিষ্যতে ভাৰতীয় ৰেলৱেৰ সংখ্যা বৃদ্ধি পাবলৈ গৈ আছে বুলি ৰেলৱেই জনাইছে।