পাকিস্তান সমর্থিত সন্ত্ৰাসবাদী সংগঠনৰ বাৰম্বাৰ আক্ৰমণৰ প্ৰচেষ্টা, চুবুৰীয়া চীনৰ সীমান্তৰ আগ্ৰাসনকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ভাৰত ৷ যাৰ বাবে প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ সর্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে কেন্দ্ৰই ৷ এইক্ষেত্ৰত ব্যয় কৰি আহিছে বৃহৎপৰিমাণৰ পুঁজি ৷ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (এছআইপিআৰআই)য়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ সামৰিক ব্যয় ২০২১ চনত সৰ্বকালৰ সৰ্বাধিক ২.১ ট্ৰিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল ৷ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পুঁজি ব্যয়ৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাজ্য আৰু চীনৰ পাছতে স্থান লাভ কৰিছে ভাৰতে ।প্ৰতিষ্ঠানটোৰ মতে -“২০২১ চনত মুঠ বিশ্বব্যাপী সামৰিক ব্যয় বাস্তৱ ক্ষেত্ৰত ০.৭ শতাংশ বৃদ্ধি হৈ ২১১৩ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে। ২০২১ চনত পাঁচ শীর্ষ ব্যয়কাৰী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, ব্ৰিটেইন আৰু ৰাছিয়া ৷ “
এছআইপিআৰআইৰ সামৰিক ব্যয় আৰু অস্ত্ৰ উৎপাদন কাৰ্যসূচীৰ জ্যেষ্ঠ গৱেষক ড০ ডিয়েগো লোপেছ দা চিলভায়ে কয়, “আনকি কোভিড-১৯ মহামাৰীৰ পাছত অৰ্থনৈতিক পৰিণামৰ মাজতো বিশ্বৰ সামৰিক ব্যয়ে অভিলেখ স্তৰত উপনীত হৈছে।মুদ্ৰাস্ফীতিৰ ফলত বিকাশৰ হাৰ হ্ৰাস পাইছিল। কিন্তু সামৰিক ব্যয় ৬.১ শতাংশ বৃদ্ধি পাইছে।”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যয় ২০২১ চনত ৮০১ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল ৷ ২০২০ চনৰ তুলনাত এয়া ১.৪ শতাংশ হ্ৰাস । বিবৃতি অনুসৰি, ২০১২ চনৰ পৰা ২০২১ চনলৈ আমেৰিকাই সামৰিক গৱেষণা আৰু বিকাশৰ বাবে পুঁজি ২৪ শতাংশ বৃদ্ধি কৰিছে ৷ অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত ব্যয় ৬.৪ শতাংশ হ্ৰাস কৰিছে।দ্বিতীয় স্থানত থকা চীনে প্ৰতিৰক্ষাৰ বাবে ২৯৩ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছিল ৷ যি ২০২০ চনৰ তুলনাত ৪.৭ শতাংশ বৃদ্ধি। ভাৰতৰ সামৰিক ব্যয় যোৱা বছৰ ৭৬.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে তৃতীয় স্থানত আছিল, যি ২০২০চনৰ তুলনাত ০.৯ শতাংশ বৃদ্ধি।২০১২ চনৰ পৰা এয়া ৩৩ শতাংশ বৃদ্ধি পাইছে। থলুৱা অস্ত্ৰ উদ্যোগক শক্তিশালী কৰাৰ বাবে, ২০২১ চনৰ সামৰিক বাজেটত ৬৪ শতাংশ মূলধন ব্যয় ঘৰুৱাভাৱে উৎপাদিত অস্ত্ৰ অধিগ্ৰহণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল।ব্ৰিটেইনে যোৱা বছৰ প্ৰতিৰক্ষাৰ বাবে ৬৮.৪ বিলিয়ন ডলাৰ ব্যয় কৰিছিল, যি ২০২০ চনৰ তুলনাত তিনি শতাংশ বৃদ্ধি হৈছে।