মেক্সিকোৰ সীমান্তৱৰ্তী চহৰ চিউডাড জুয়াৰেজৰ শৰণাৰ্থী শিবিৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ৩৯ জন লোকৰ মৃত্যু হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০ বজাত আমেৰিকাৰ সীমান্তৰ মেক্সিক’ৰ চিউডাড জুয়াৰেজ চহৰৰ নেশ্যনেল ইমিগ্ৰেচন ইনষ্টিটিউটত এই অগ্নিকাণ্ড সংঘটিত হয়। কৰ্তৃপক্ষই জনোৱা মতে, সেই সময়ত শিবিৰটোত মুঠ ৬৮ জন শৰণাৰ্থী আছিল। ইয়াৰে অধিকাংশই মধ্য আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন চহৰৰ বাসিন্দা বুলি জনা যায়। এই অগ্নিকাণ্ডত কমেও ২৯ জন লোক আহত হয়। স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে। আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি সীমান্তৱৰ্তী চহৰ মেক্সিকোত ভিৰ কৰা ইমানবোৰ কয়দীৰ মৃত্যুৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
শিবিৰ কৰ্তৃপক্ষই মৃতকৰ সংখ্যা ৩৯ বুলি দাবী কৰিছে যদিও প্ৰকৃততে ইয়াতকৈ বেছি বুলি দাবী কৰিছে বিভিন্ন বেচৰকাৰী সংগঠনে। ইতিমধ্যে বিভিন্ন দেশৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি মৃতকৰ পৰিচয় জানিবলৈ আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত জনা যায় যে এই ঘটনাত এই অগ্নিকাণ্ডত মৃত লোকসকলৰ অধিকাংশই ভেনিজুৱেলাৰ নাগৰিক।
নেশ্যনেল ইমিগ্ৰেচন ইনষ্টিটিউটে এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই যে কেনেকৈ জুইৰ সূত্ৰপাত হ’ল। অৱশ্যে স্থানীয় সংবাদ মাধ্যমে দাবী কৰা মতে, অগ্নিকাণ্ডৰ ঠিক আগতেই শিবিৰটোত হুলস্থলৰ সৃষ্টি হৈছে ৷ এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মেক্সিকোৰ এটৰ্নী জেনেৰেলে। তদন্তকাৰীও উপস্থিত হৈছে।
আমেৰিকাৰ সীমান্তৱৰ্তী প্ৰদেশ টেক্সাছৰ এল পাছ’ৰ ওচৰত অৱস্থিত হোৱাৰ বাবে এই মেক্সিকান চহৰখন প্ৰতি বছৰে বহু লোকে ভ্ৰমণ কৰে। সকলোৰে এটা সপোন আছে – আমেৰিকাত বসতি স্থাপন কৰা। যদিও কঠোৰ অনুপ্ৰৱেশ নীতিৰ মাজত আবদ্ধ হৈ পৰিছে এনে ডিটেনচন কেম্পত। শেহতীয়াকৈ ‘ইণ্টাৰনেচনেল অৰ্গেনাইজেচন ফৰ মাইগ্ৰেচন’ বা আই অ’ এমৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০১৪ চনৰ পৰা আমেৰিকাত প্ৰৱেশৰ সপোন পূৰণ কৰিবলৈ অহা কমেও ৭,৬৬১ জন লোকে প্ৰাণ হেৰুৱাইছে বা নিৰুদ্দেশ হৈছে। আৰু বিশেষকৈ দুৰ্ঘটনা বা অমানৱীয় পৰিস্থিতিৰ মাজেৰে সৰবৰাহৰ সময়ত ৯৮৮ জন লোকে প্ৰাণ হেৰুৱাইছিল।