অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে অভিজাত জিমখানা ক্লাৱত ৰহস্যজনকভাৱে ভীম ৰজকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত ৷ এই ঘটনা সন্দর্ভত জেৰাৰ সন্মুখীন হ’ল অন্যতম অভিযুক্ত ৰাজেন লোহিয়া। জেৰাৰ বাবে ডিব্ৰুগড় সদৰ আৰক্ষী থানালৈ তলব কৰা হৈছে ৰাজেন লোহিয়াক। চিআইডিৰ আইজিপি সংযুক্তা পৰাশৰৰ নিৰ্দেশত তলব কৰা হৈছে লোহিয়াক।
এই ঘটনা সন্দর্ভত পূৰ্বে আন দুই অভিযুক্ত ব্যৱসায়ীক জেৰা চলাইছিল ডিব্ৰুগড় আৰক্ষীয়ে। ৫ আগষ্টত ডেৰ ঘণ্টাজোৰা জেৰাৰ সন্মুখীন হৈছিল সঞ্জীৱ ছুৰ। ৬ আগষ্টত অভিযুক্ত শচীন কাছৰীয়াক চলোৱা হৈছিল জেৰা।
উল্লেখ্য যে ১৭ জুলাইত জিম খানা ক্লাবত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ভীম ৰজকৰ মৃতদেহ। তাৰ পাছতে ৩ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ তৰিছিল মৃত ৰজকৰ পৰিয়ালে।মৃত ভীম ৰজকৰ পৰিয়ালৰ সদস্যই ভীম ৰজকৰ ৰহস্যজনক মৃত্যুৰ গোচৰত হস্তক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে, যাতে তেওঁলোকে ন্যায় লাভ কৰিব পাৰে। ডিব্ৰুগড় জিমখানা ক্লাবৰ মেনেজাৰ ভীম ৰজকৰ মৃতদেহ যোৱা ১৭ জুলাইত ক্লাবৰ এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছিল যদিও প্ৰাথমিক অৱস্থাত কোনো তদন্ত আৰম্ভ কৰা নাছিল ৷ভীম ৰজকৰ ভাতৃ ভূষণ ৰজকে অভিযোগ কৰে যে, তেওঁৰ ভাতৃক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। ক্লাবৰ একাংশ সদস্যই তেওঁক মানসিকভাৱে অত্যাচাৰ কৰিছিল।
যোৱা ১৫ বছৰ ধৰি তেওঁ ক্লাবত মেনেজাৰ হিচাপে কাম কৰি আছিল। ২০০৪ চনত স্থাপিত ডিব্ৰুগড় জিমখানা ক্লাব ৷ ক্লাবটোৰ মুঠ মাটিকালি ১৬০০০ বৰ্গমিটাৰ ৷