ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬আগষ্ট:–কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৰবিবাৰৰ পৰা আৰম্ভ হৈছে । কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. আও ষ্টেডিয়ামত বিয়লি অনুষ্ঠিত এ ডিভিজনৰ উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । ফ্ৰেণ্ডশ্বিপ ক্লাৱৰ ঈলিয়াছ দদ্ৰাই হেট্ৰিক কৰা লগতে আনটো গ’ল দিয়ে আৰিশ টিক্কাই ।জাংচাৰ আফাট দলৰ হৈ গ’ল দুটা দিয়ে ক্ৰমে সুৰজ বসুমতাৰী আৰু প্ৰীতম বসুমতাৰীয়ে । উল্লেখ্য যে মধ্যান্তৰলৈকে ফ্ৰেণ্ডশ্বিপ ক্লাৱ ২-১ গ’লত আগবাঢ়ি আছিল।উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ কাৰ্য্যকৰী সভাপতি ৰবীন ভূঞাই আৰু ফুটবল প্ৰতিযোগিতাৰ এ,বি আৰু চি ডিভিজন স্তৰত অংশ লোৱা ২৬টা দলৰ পতাকা উত্তোলন কৰে দলৰ প্ৰতিনিধিসকলে । শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সভাপতি তথা সমাজকৰ্মী ধৰ্ম বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত কলিয়াবৰৰ বিশিষ্ট ক্ৰীড়াপ্ৰেমী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানতে কলিয়াবৰৰ প্ৰতিভাৱান ছোৱালী ফুটবলাৰ ভূপালত অনুষ্ঠিত ৬৬ সংখ্যক অনুৰ্দ্ধ ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত অসমৰ ফুটবল দলৰ হৈ প্ৰতিনিধিত্ব কৰা জুচিলা ম’মিনৰ লগতে ছোৱালী ফুটবল প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় । ষ্মৰ্তব্য যে প্ৰতিযোগিতাখনত এ ডিভিজনত ৬টা,বি ডিভিজনত ৮টা আৰু চি ডিভিজনত ১২টা দলৰে মুঠ ২৬টা দলে যোগদান কৰিছে । অহা ৩ ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা তিনিওটা ডিভিজনৰ চুড়ান্ত খেলখনি অনুষ্ঠিত হ’ব। সোমবাৰে এ ডিভিজনৰ উদয় ক্লাৱ,শামুঠীয়া চাহ বাগিচা আৰু মৰ্ণিং ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হ’ব ।