কাইলৈ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপনৰ অয়োজন কৰা হৈছে। ইয়াৰ বাবে জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্য যে, জিলা দিৱসৰ কাৰ্যসূচীৰ অন্যতম অংশ হিচাপে সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত ইতিমধ্যে নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ এটা পূৰ্ণৱয়ব প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনৰ ১২:৪৫ বজাত উন্মোচন কৰিব। ৰাতিপুৱা ৬.৩০ বজাত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা দৌলগোবিন্দ মন্দিৰলৈ চাইকেল ৰেলীৰে আৰম্ভ হ’বলগীয়া এই জিলা দিৱসৰ কাৰ্যসূচীত বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত উপায়ুক্ত কাৰ্যালয় তথা জিলাখনৰ অন্যান্য কাৰ্যালয়ত বৃক্ষৰোপণ, মুখ্যমন্ত্ৰীৰ দ্বাৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন, “কামৰূপ” বিষয় সামৰি প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিতা, ৰক্তদান শিৱিৰ, কৃষি প্ৰদৰ্শনী মেলা, হিতাধিকাৰীৰ মাজত বিভিন্ন চৰকাৰী আঁচনিৰ সাহায্য বিতৰণ, উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল-ধেমালী প্ৰতিযোগিতা, জিলাখলনৈ গৌৰৱ কঢ়িয়াই অনা বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনাৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সম্বৰ্দ্ধনা, সন্ধিয়া ৫.৩০ বজাত এক বৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা আদি প্ৰতিযোগিতাৰ আযোজন কৰা হৈছিল। তদুপৰি জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি অন্যান্য কাৰ্যালয় সমূহত জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে কামৰূপ জিলাৰ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কৃষি প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা দিৱসৰ কাৰ্যসূচী সমূহত জনসাধাৰণৰ সহযোগিতা কামনা কৰা হৈছে।