পুনৰ চলিব কপলিং ছিগা ৰে’ল ৷ বিগত সময়ছোৱাত কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰা কপলিং ছিগা ৰে’লখন ৷অৱশ্যে অহা ৪ জুলাইৰ পৰা পুনৰ চলিব ৰে’লখন ৷
উল্লেখনীয় যে অতীততে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ ৰে’লপথ তেনেই চুটি আছিল বাবে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে’লৱে জংছনৰ পৰা মৰাণলৈ নিয়মীয়াকৈ চলিছিল এইখন স্থানীয় ৰে’ল৷ হাত দাঙিলেই বাছৰ দৰে যাত্ৰা পথত ৰৈ যোৱা এখন ৰে’ল এই কপলিং ছিগা ৰে’ল যাক লৈ কত যে কাহিনী আছে যি অসমীয়া সাহিত্যৰ ভড়ালো সমৃদ্ধ কৰিছে ৷
প্ৰথম অৱস্থাত শিৱসাগৰৰ পৰা মৰাণহাটলৈ অহা–যোৱা কৰা ৰে’লখন মিটাৰগজ ৰে’ল লাইনৰ ঠাইত ব্ৰডগজ আৰু কয়লা ইঞ্জিনৰ সলনি ডিজেল ইঞ্জিন হোৱাৰ পিছত মৰাণ পাৰ হৈ ডিব্ৰুগড় পৰ্যন্ত যায়৷ সেই সময়ত পুৱা ৬.৩৫ মিনিটত শিমলুগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি পুনৰ সন্ধিয়া ৭ বজাত শিমলুগুৰি ৰে’ল জংচন উপস্থিত হয়৷ কিন্তু আচৰিত কথা যে সকলোবোৰ ব্যৱস্থা উন্নত হ’লেও এই ৰে’লখনে যেন বৰ্তমান সময়লৈকে ভাৰতীয় ৰে’লৰ ইতিহাস বহন কৰি আছে৷
উলেখযোগ্য যে স্থানীয় যাত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এটা দলে ৰে’ল বিভাগৰ মহাপ্ৰবন্ধকক সাক্ষাৎ কৰি ৰে’লখন পুনৰ চলাচল কৰাবলৈ আহ্বান জনোৱাৰ পিছতে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব বুলি ঘোষণা কৰে উত্তৰ–পূব সীমান্ত ৰে’লৱে বিভাগে ৷