বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ আৰু বিকি কৌশলক ছ’চিয়েল মিডিয়াৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে মুম্বাই আৰক্ষীয়ে ৷ মুম্বাইৰ চান্টাক্ৰুজ আৰক্ষী থানাত এই সন্দর্ভত ৰুজু কৰা হৈছে এটা গোচৰ। এই গোচৰত গ্ৰেপ্তাৰ কৰা লোকজন হৈছে মনবিন্দৰ সিং ৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা মনবিন্দৰ ৷ মুম্বাইত চলচ্চিত্ৰ আৰু টিভি ছিৰিজত কাম পাবলৈ সংগ্ৰাম কৰি আহিছে মনবিন্দৰে । ধৃত লোকজন কেটৰিনা কাইফৰ অনুৰাগী বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ মতে, কেটৰিনা আৰু বিকিক ইনষ্টাগ্ৰামত জৰিয়তে ভাবুকি দিছিল মনবিন্দৰে ৷ অভিযোগৰ ভিত্তিত ইয়াৰ ছান্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-II আৰু ৩৫৪-ডিৰ অধীনত লোকজনৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে বুলি বিষয়াগৰাকীয়ে জনায়।আৰক্ষীয়ে আই টি আইনৰ অধীনতো গোচৰ ৰুজু কৰিছে।