অসম কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ উদ্যোগত সোমবাৰে এখনি কবি মেল অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁও পেন্সনাৰ সংস্থাৰ ভৱনত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক,কবি তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মঞ্জু লস্কৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কবিতা সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰাৰ লগতে যিসকল কবিয়ে নতুনকৈ কবিতাৰ পথাৰখনত খোজ কাঢ়িবলৈ লৈছে তেওঁলোকক গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।
লগতে ড° লস্কৰে এটা কবিতা পাঠেৰে কবি মেলখনৰো আনুষ্ঠানিকভাৱে মুকলি কৰে । হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড° ঘনকান্ত শইকীয়াই সঞ্চালনা কৰা কবি মেলখনত সাহিত্যিক পেন্সনাৰ,কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীব লস্কৰ, ৰণাংগনৰ সম্পাদক মিণ্টু দাস, শৰৎ চন্দ্ৰ গোস্বামী,ড° ৰুবা ফুকন, ডঃ কৰৱী দেৱী,বিচিত্ৰ নাৰায়ণ বৰা,প্ৰদীপ কুমাৰ শইকীয়া,চন্দ্ৰ শইকীয়া,নিলোৎপল চাংমাই প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক নবীন- প্ৰবীণ কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে। কবি মেলৰ অনুষ্ঠানতে ন-লেখিকা অনামিকা দেৱীৰ “এটা হেৰাই যোৱা হাঁহি” শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক-কবি দুলাল চন্দ্ৰ দাসে আৰু “বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সুবাস” শীৰ্ষক গল্প সংকলনখন বিষয় শিক্ষয়িত্ৰী,কবি দীপ্তি বৰাই উন্মোচন কৰে । উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে বিশিষ্ট কবি তথা অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক অভয় বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰি বন্তি প্ৰজ্বলনেৰে ড° মঞ্জু লস্কৰে অনুষ্ঠান মুকলি কৰে ।