বলিউডৰ তাৰকাৰ বিয়া মানেই মহা আয়োজন, সৰ্বত্ৰ চৰ্চা। প্রিয় তাৰকা সকলে ক’ত বিয়া পাতিব, কোন ডিজাইনাৰৰ সাজ- পোছাক,অলংকাৰ পিন্ধিব তাক লৈ অনুৰাগীৰ মাজত দেখা যায় ব্যাপক উৎকণ্ঠা। তেনে এক উৎকণ্ঠাই এতিয়া বিৰাজ কৰিছে বলিউডত। কিয়নো দিন চমু চাপি আহিছে বলিউডৰ অন্যতম আবেদনময়ী অভিনেত্ৰী কেটৰীনা কাইফ আৰু জনপ্রিয় অভিনেতা বিকি কৌশলৰ বিবাহৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বিয়াত বহিব এই দুই তাৰকা । ইতিমধ্যে বিবাহৰ বাবে সাজু কৰা হৈছে ৰাজস্থানৰ এটা বিলাসী ৰাজমহল। প্ৰাপ্ত তথ্য অনুসৰি ৰাজস্থানৰ ছৱাই মধুপুৰৰ চিক্স চেন্স ৰিজৰ্ট বৰৱাৰাত অনুষ্ঠিত হব দুই তাৰকাৰ ৰাজকীয় বিয়া। ১৪ শতিকাৰ এই ৰাজমহলৰ গৰাকী হৈছে ৰাজ পৰিয়াল। সম্প্ৰতি এই মহলতো ৰিজৰ্ট আৰু স্পা চেণ্টাৰলৈ পৰিণত কৰা হৈছে। অৱশ্যে ইয়াত কেৱল পৰম্পৰাগত ৰীতি নীতি সম্পন্ন কৰা হ’বনে বিয়াৰ ব্যয়বহুল অভ্যৰ্থনাও অনুষ্ঠিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে কেটৰীণাৰ বিয়াৰ সাজ প্ৰস্তুত কৰিব বিখ্যাত ডিজাইনাৰ সব্যসাঁচীয়ে।