সর্বসাধাৰণৰ বন্ধু হিচাপে আৰক্ষীক কর্তব্য পালন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই নির্দেশ দিয়াৰ সময়তে এজন উপ পৰিদর্শক (এছ আই)ৰ কাণ্ডই সকলোকে হতচকিত কৰিছে ৷ ভুৱা তথ্যৰে এজন শিক্ষক আৰু তেওঁৰ চিকিৎসক পুত্ৰৰ পৰা ধন সৰকোৱাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) উৎপল বৰা ৷ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰাৰ পূর্বে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কর্মৰত হৈ থকা অৱস্থাতে এই অপকর্ম সংঘটিত কৰিছিল উৎপল বৰাই ৷ প্ৰাপ্ত তথ্য অনুসৰি ধুলা আৰক্ষী থানাত ৰুজু হোৱা ১২৬/২০২২ নম্বৰৰ এটা গোচৰ তদন্ত কৰিবলৈ বৰাই দায়িত্ব অর্পণ কৰিছিল কুলদ্বীপ গোহাঁই নামৰ এজন এছ আইক ৷ কিন্তু গোচৰটোতৰ তদন্তৰ সময়ত সেই সময়ৰ থানাখনৰ অ’চি বৰাই তদন্তকাৰী বিষয়াজনক কেতবোৰ অবৈধ কাম কৰিবলৈ বাধ্য কৰাইছিল ৷ গোচৰটোত চুৰি হোৱা সম্পত্তিৰ ভুৱাকৈ বিভিন্ন সামগ্ৰীৰ জব্দ তালিকা প্ৰস্তুত কৰাৰ লগতে অভিযুক্তৰ পৰা গোচৰটো নিষ্পত্তিৰ বাবে ধন দাবী কৰিবলৈ বৰাই তদন্তকাৰী বিষয়াজনক নির্দেশ দিছিল ৷ ইয়াৰ পাছতে গোঁহাইৰ অভিযোগৰ ভিত্তিত উৎপল বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৭/১৮২/১৯৫/১৯৬/৩৮৯/৪০২/৪০৬ ধাৰাৰ অধীনত ধুলা আৰক্ষী থানাত ১৪২/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰে ৷ এই সমগ্ৰ অভিযোগৰ তদন্ত কৰিবলৈ খাৰুপেটীয়া চার্কোল ইনস্পেক্টৰ অচ্যুত দত্তক দায়িত্ব অর্পণ কৰা হয় ৷ ইয়াৰে পাছতে মঙলদৈ আৰক্ষী থানাত সোধপোচ কৰাৰ অন্তত উৎপল বৰাক গ্ৰেপ্তাৰ কৰা হয় আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ ধৃত উৎপল বৰা ২০১১ বেটচৰ এছ আই ৷