দিল্লীত নিজৰ প্ৰেয়সীক নির্মমভাৱে হত্যা কৰা আফতাব আমিন পুনাৱালাৰ বৃহস্পতিবাৰে সম্পন্ন কৰা হয় নার্কো টেষ্ট ৷ আফতাব আমিন পুনাৱালাই পলিগ্ৰাফ টেষ্টৰ অন্তত নাৰ্কো টেষ্টৰ সময়ত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে ।এই কথা প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ সূত্ৰই। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আফতাবে বৃহস্পতিবাৰে নার্কো টেষ্টৰ সময়ত হত্যাৰ অস্ত্ৰ ক’ত লুকুৱাই ৰাখিছিল সেই কথাও অৱগত কৰিছে ৷
দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুডাই সংবাদ মাধ্যমৰ আগত কয় যে আফতাবৰ নাৰ্কো টেষ্ট প্ৰক্ৰিয়া বৃহস্পতিবাৰে সম্পূৰ্ণ হৈছে। সূত্ৰ অনুসৰি সেই পৰীক্ষাৰ সময়ত আফতাবৰ স্বীকাৰোক্তি আছিল, “হয়! মই শ্ৰদ্ধাক হত্যা কৰিছো।“
১২ নৱেম্বৰত আফতাবক গ্ৰেপ্তাৰ কৰাৰ পিছতো দিল্লী আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল ৷ এই স্বীকাৰোক্তি আদালতত গ্ৰহণযোগ্য নহ’ব যদিহে ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰি। সূত্ৰ অনুসৰি আফতাবে নাৰ্কো টেষ্টত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ ক’ত লুকুৱাই ৰাখিছিল সেয়া প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও তেওঁ হত্যাকাণ্ডৰ পিছত শ্ৰদ্ধাৰ কাপোৰ আৰু মোবাইল ক’ত লুকুৱাই ৰাখিছিল সেই সম্পৰ্কেও তথ্য প্ৰদান কৰে।
হুদাই জনোৱা মতে, বৃহস্পতিবাৰে দক্ষিণ দিল্লীৰ ৰোহিনী অঞ্চলৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী (এফ এছ এল)ত আফতাবৰ নাৰ্কো টেষ্ট কৰা হয়। পুৱা প্ৰায় ৮:৪০ বজাত গধুৰ পহৰা দি আফতাবক দিল্লীৰ ৰোহিনী অঞ্চলৰ বাবাছাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছত চিকিৎসালয়খনৰ এফ এছ এলত পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হয় নাৰ্কো টেষ্ট। দুঘণ্টাধৰি তেওঁৰ নার্কোটেষ্ট সম্পন্ন কৰা হয় ৷
এফ এছ এলৰ বিশেষজ্ঞসকলে জনোৱা মতে, দিল্লী আৰক্ষী আৰু ফৰেনছিক টিমে নাৰ্কো টেষ্টৰ প্ৰতি আফতাবৰ সঁহাৰিৰ ওপৰত চোকা দৃষ্টি ৰাখিব। যদি সন্তোষজনক নহয় তেন্তে আফতাবৰ পুনৰ নাৰ্কো টেষ্ট কৰা হ’ব পাৰে। আফতাবৰ পলিগ্ৰাফ টেষ্ট আগতেও দুবাৰকৈ কৰা হৈছে। ফৰেনছিক বিশেষজ্ঞৰ প্ৰশ্নৰ উত্তৰত তেওঁ শ্ৰদ্ধাৰ হত্যাৰ কথা স্বীকাৰ কৰা বুলি দাবী কৰে।