VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“হয়, মই শ্ৰদ্ধাক হত্যা কৰিছো “- নার্কো টেষ্টত কি কি স্বীকাৰ কৰিলে আফতাবে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in মুখ্য সংবাদ
“হয়, মই শ্ৰদ্ধাক হত্যা কৰিছো “- নার্কো টেষ্টত কি কি স্বীকাৰ কৰিলে আফতাবে ?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

দিল্লীত নিজৰ প্ৰেয়সীক নির্মমভাৱে হত্যা কৰা আফতাব আমিন পুনাৱালাৰ বৃহস্পতিবাৰে সম্পন্ন কৰা হয় নার্কো টেষ্ট ৷  আফতাব আমিন পুনাৱালাই পলিগ্ৰাফ টেষ্টৰ অন্তত নাৰ্কো টেষ্টৰ সময়ত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে ।এই কথা প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ সূত্ৰই। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  আফতাবে বৃহস্পতিবাৰে নার্কো টেষ্টৰ সময়ত হত্যাৰ অস্ত্ৰ ক’ত লুকুৱাই ৰাখিছিল সেই কথাও অৱগত কৰিছে ৷

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুডাই সংবাদ মাধ্যমৰ আগত কয় যে আফতাবৰ নাৰ্কো টেষ্ট প্ৰক্ৰিয়া বৃহস্পতিবাৰে সম্পূৰ্ণ হৈছে। সূত্ৰ অনুসৰি সেই পৰীক্ষাৰ সময়ত আফতাবৰ স্বীকাৰোক্তি আছিল, “হয়! মই শ্ৰদ্ধাক হত্যা কৰিছো।“

১২ নৱেম্বৰত আফতাবক গ্ৰেপ্তাৰ কৰাৰ পিছতো দিল্লী আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল ৷ এই স্বীকাৰোক্তি আদালতত গ্ৰহণযোগ্য নহ’ব যদিহে ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰি। সূত্ৰ অনুসৰি আফতাবে নাৰ্কো টেষ্টত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ ক’ত লুকুৱাই ৰাখিছিল সেয়া প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও তেওঁ হত্যাকাণ্ডৰ পিছত শ্ৰদ্ধাৰ কাপোৰ আৰু মোবাইল ক’ত লুকুৱাই ৰাখিছিল সেই সম্পৰ্কেও তথ্য প্ৰদান কৰে।

হুদাই জনোৱা মতে, বৃহস্পতিবাৰে দক্ষিণ দিল্লীৰ ৰোহিনী অঞ্চলৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী (এফ এছ এল)ত আফতাবৰ নাৰ্কো টেষ্ট কৰা হয়। পুৱা প্ৰায় ৮:৪০ বজাত গধুৰ পহৰা দি আফতাবক দিল্লীৰ ৰোহিনী অঞ্চলৰ বাবাছাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ পিছত চিকিৎসালয়খনৰ এফ এছ এলত পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হয় নাৰ্কো টেষ্ট। দুঘণ্টাধৰি তেওঁৰ নার্কোটেষ্ট সম্পন্ন কৰা হয় ৷

এফ এছ এলৰ বিশেষজ্ঞসকলে জনোৱা মতে, দিল্লী আৰক্ষী আৰু ফৰেনছিক টিমে নাৰ্কো টেষ্টৰ প্ৰতি আফতাবৰ সঁহাৰিৰ ওপৰত চোকা দৃষ্টি ৰাখিব। যদি সন্তোষজনক নহয় তেন্তে আফতাবৰ পুনৰ নাৰ্কো টেষ্ট কৰা হ’ব পাৰে। আফতাবৰ পলিগ্ৰাফ টেষ্ট আগতেও দুবাৰকৈ কৰা হৈছে। ফৰেনছিক বিশেষজ্ঞৰ প্ৰশ্নৰ উত্তৰত তেওঁ শ্ৰদ্ধাৰ হত্যাৰ কথা স্বীকাৰ কৰা বুলি দাবী কৰে।

 

Previous Post

দক্ষিণৰ চলচ্চিত্ৰ প্ৰযোজক কে মূৰলীধৰণৰ দেহাৱসান

Next Post

কাটাৰ বিশ্বকাপত নৃত্যানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ প্ৰদর্শন কৰি বিতর্কৰ আৱর্তত নোৰা ফাটেহী, চাওঁক ভিডিআ’

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
কাটাৰ বিশ্বকাপত নৃত্যানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ প্ৰদর্শন  কৰি বিতর্কৰ আৱর্তত নোৰা ফাটেহী, চাওঁক ভিডিআ’

কাটাৰ বিশ্বকাপত নৃত্যানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ প্ৰদর্শন কৰি বিতর্কৰ আৱর্তত নোৰা ফাটেহী, চাওঁক ভিডিআ’

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7