লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীয়ে শেহতীয়াকৈ মহিলাৰ বাবে আবেদন মুকলি কৰিছে। যিসকল মহিলাই কিবা কাৰণত কেৰিয়াৰ আধাতে সামৰি লগীয়া হৈছিল, তেনে মহিলাক সুযোগ প্ৰদান কৰিবলৈ আবেদন মুকলি কৰিছে। বৰ্তমান সময়ত লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীৰ এই পদক্ষেপ অতি প্ৰশংসনীয়।
আমাৰ সমাজত এগৰাকী মহিলাৰ কৰ্ম জীৱন অতি প্ৰত্যাহ্বানমূলক। ঘৰুৱা, সামাজিক বাধা নেওচি শিক্ষা গ্ৰহণ কৰিলেও কৰ্ম জীৱন বৰ সহজ নহয়। বহু মহিলাই ভাল পদবীৰে কৰ্ম জীৱন আৰম্ভ কৰাৰ পিছত সমাজ, ঘৰুৱা পৰিবেশ, পৰিস্থিতিৰ কবলত পৰি কৰ্ম জীৱনৰ সামৰণি পৰে।
মাতৃত্ব নাৰীৰ জীৱনৰ আশীৰ্বাদ বুলি কোৱা হয়। কিন্তু এই মাতৃত্বৰ বাবেই বহুতো মহিলাৰ কেৰিয়াৰ ধ্বংস হয়, এই অপ্ৰিয় সত্যটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। বহুতো মহিলাই সন্তান লালন পালন কৰি পুনৰ কৰ্ম জীৱন আৰম্ভ কৰিম বোলা কথাষাৰ বাস্তৱত বৰ সহজ নহয়। চাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগতে কেৰিয়াৰ গেপ দিয়া লোকক নিযুক্তি দিবলৈও প্ৰতিষ্ঠানসমূহে আগ্ৰহ প্ৰকাশ নকৰে।
ইয়াৰ উপৰিও এগৰাকী কৰ্মৰত মহিলাৰ প্ৰতি সমাজৰ দৃষ্টি আজিও ধনাত্মক নহয়। পুনৰ কৰ্ম জীৱন আৰম্ভ কৰিবলৈ ইচ্ছুক মহিলাসকলক সমাজৰ ঋণাত্মক চিন্তা ধাৰাৰ মানুহবোৰে প্ৰভাব পেলায়। ফলত বাধাৰ সন্মুখীন হয়।
এনে প্ৰত্যাহ্বানমূলক সময়তে লাৰ্ছেন এণ্ড টাৰ্বোৰ পদক্ষেপে মহিলাসকলৰ মনত সাহস দিব। বহুতো মহিলাই পুনৰ কৰ্মজীৱনৰ আৰম্ভণি কৰি আত্মনিৰ্ভৰশীল হৈ স্বাধীনচিতীয়া জীৱন উদযাপন কৰিব পাৰিব।