দেশজুৰি আন আন খাদ্যসামগ্ৰীৰ লগতে বজাৰত মহঙা হৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল নেমুৱে ৷ এইবাৰ নেমুৰ বাবেই চাকৰিৰ পৰা নিলম্বন হ’বলগীয়া হ’ল এজন বিষয়া ৷ কাৰাগাৰৰ বাবে নেমু ক্ৰয় কৰা বুলি ভুৱা বিল দেখুৱাই নিলম্বন হ’বলগীয়া হ’ল বিষয়াজন ৷ এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত ৷
প্ৰায় ৫০ কিলোগ্ৰাম নেমু ক্ৰয় কৰা বুলি ভুৱাকৈ দেখুওৱাৰ পিছত কাপুৰথালা মডাৰ্ণ কাৰাগাৰৰ অধীক্ষক গুৰনাম লালৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কাৰাবন্দীসকলে দাবী কৰিছিল যে তেওঁলোকে খাদ্যৰ সৈতে নেমু লাভ কৰা নাছিল। এটা পৰিদৰ্শনকাৰী দলে কাৰাগাৰ পৰিদৰ্শন কৰাৰ সময়তে বন্দীসকলে স্পষ্টকৈ প্ৰকাশ কৰিছিল যে তেওঁলোকে খাদ্যৰ সৈতে নেমু লাভ কৰা নাছিল।
যোৱা মাহত নেমুৰ দাম বজাৰত সর্বাধিক হোৱাৰ সময়তে এনেদৰে ভুৱা বিল প্ৰস্তুত কৰা হৈছিল ৷ প্ৰতি কিলোগ্ৰামত প্ৰায় ২০০ টকা মূল্য হোৱাৰ সময়তে বিষয়াজনে ভুৱা বিল প্ৰস্তুত কৰি ধন আত্মসাৎ কৰিছিল ৷ পৰিদর্শনকাৰী দলটোৰ প্ৰতিবেদনৰ ভিত্তিত পঞ্জাৱৰ কাৰাগাৰ, খনি আৰু পৰ্যটন মন্ত্ৰী হৰজ্যোত সিং বেইন্সে কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়ে। তদন্তত কেইবাটাও অনিয়মৰ কথা প্ৰকাশ পাইছিল,যাৰ পিছত গুৰনাম লালক নিলম্বিত কৰা হয় ৷