‘অগ্নিপথ’ক লৈ সমগ্ৰ দেশ অগ্নিগৰ্ভা হৈ থকাৰ সময়তে বৃদ্ধি কৰা হ’ল অগ্নিপথ আঁচনিৰ নতুন নিযুক্তিৰ প্ৰৱেশৰ বয়স সীমা ৷ অগ্নিপথ আঁচনি আৰম্ভ হোৱাৰ পিছত, সশস্ত্ৰ বাহিনীত সকলো নতুন নিযুক্তিৰ বাবে প্ৰৱেশৰ বয়স ১৭ৰ পৰা ২১ বছৰ নিৰ্ধাৰণ কৰা হৈছিল।
যোৱা দুটা বছৰত নিযুক্তি দিয়াটো সম্ভৱ হোৱা নাই বুলি বিবেচনা কৰি ইতিমধ্যে চৰকাৰে ২০২২ চনৰ বাবে প্ৰস্তাৱিত নিযুক্তি চক্ৰৰ বাবে এককালীন শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সেই অনুসৰি ২০২২ চনৰ বাবে অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে উৰ্ধতম বয়সৰ সীমা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে।