অহা ১৩ নৱেম্বৰ তাৰিখে অসম কন্যা লাভলীনা বৰগোহাঁইক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ধ্যান চাঁদ খেল ৰত্ন বঁটা প্ৰদান কৰা হ’ব। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জনকাৰী বক্সাৰ লাভলীনা বৰগোহাঁই হ’ব এই বঁটা গ্ৰহণ কাৰী প্ৰথম অসমীয়া। আনহাতে অৰ্জ্জুন বঁটা আৰু খেলৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিব লাভলীনা বৰগোহাঁয়ে।
আনহাতে এইবাৰ ভাৰতৰ সুনীল ছেত্ৰী হ’ব ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ফুটবলাৰ।
লাভলীনা বৰগোহাঁই, সুনীল ছেত্ৰীৰ উপৰিও নীৰজ চোপ্ৰা, ৰবি কুমাৰ, মিতালী ৰাজ, পি আৰ শ্ৰীজেশ, অৱনী লেখাৰা, মনপ্ৰীত সিং, কৃষ্ণা নাগৰ, মণিশ নেৰৱাল, প্ৰমোদ ভগত, সুমিত অন্তিলকে ধৰি সৰ্বমুঠ ১২ জনলৈ খেল ৰত্ন বঁটা আগবঢ়োৱা হ’ব।
অসম জীয়াৰী লাভলীনা বৰগোহাঁয়ে অলপতে ২০২০ বৰ্ষৰ অৰ্জ্জুন বঁটা গ্ৰহণ কৰিছে।