ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চাঁদ বঁটাৰ বাবে এইবাৰ টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ নাম বাছনিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ উঠিছে। মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া হ’ব লাভলীনা বৰগোহাঁই।
এইবাৰ মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোহাঁইৰ উপৰিও টকিঅ’ অলিম্পিকৰ পদক বিজয়ী নীৰজ চোপ্ৰা, ৰবি ডাহিয়া, পি আৰ শ্ৰীজেশৰ নাম বাছনিলৈ উঠিছে।
ইয়াৰ উপৰিও তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজ, পেৰালিম্পিকত শ্বুটিঙত দুটাকৈ পদক লাভ কৰা অৱনী লেখাৰা, ভাৰতৰ ফুটবলত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা ফুটবল খেলুৱৈ সুনীল ছেত্ৰীৰ নামো তালিকাভূক্ত হৈছে।
এওঁলোকৰ উপৰিও প্ৰমোদ ভগত, সুমিত অন্তিল, কৃষ্ণা নাগৰ আৰু এন নেৰৱালকে ধৰি সৰ্বমুঠ ১১ জন লোক বাছনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা ২০২০ চনলৈকে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত আছিল। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই বঁটাৰ নাম সলনি কৰি হকীৰ যাদুকৰ মেজৰ ধ্যান চাঁদৰ নামত উচৰ্গা কৰিছিল।
১৯৯২ চনৰ পৰা এই বঁটা নিয়মীয়াকৈ প্ৰদান কৰা হৈছে। বঁটাৰ মূল্য হৈছে ২৫ লাখ টকা। ডবা খেলুৱৈ বিশ্বনাথন আনন্দে এই বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিল।