মণিপুৰৰ ৰাজধানী ইম্ফলত শুকুৰবাৰে দুজন ছাত্ৰক অপহৰণ আৰু নৃশংস হত্যাকাণ্ডক লৈ জনসাধাৰণৰ প্ৰতিবাদৰ ফলত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৷ ইম্ফল পূৱ জিলাৰ খুৰাই ছাজোৰৰ লেইকাই অঞ্চলত স্থানীয় বিজেপি বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী এল চুচিন্দ্ৰোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। শনিবাৰে পুৱাও অব্যাহত থাকে হিংসাত্মক পৰিস্থিতি ৷ ইম্ফলৰ বিভিন্ন অঞ্চলত ক্ষুব্ধ জনসমাগম আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে।
মণিপুৰত এই সপ্তাহত মেইটেই সম্প্ৰদায়ৰ দুগৰাকী ছাত্ৰৰ হত্যাকাণ্ডক লৈ পুনৰ অস্থিৰ হৈ পৰিছে। ৰাজ্যৰ বিজেপি চৰকাৰে উৰাবাতৰি ৰোধ কৰিবলৈ মঙলবাৰৰ পৰা ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কুকি প্ৰধান পাহাৰীয়া অঞ্চলত আগন্তুক ছমাহলৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বলবৎ থাকিব বুলি বুধবাৰে ঘোষণা কৰা হয়। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিল ৷
এই পৰিস্থিতিত মেইটেই ছাত্ৰ আৰু যুৱ সংগঠনৰ প্ৰতিবাদত পুনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা কৰা হৈছে । অভিযোগ অনুসৰি এই সপ্তাহত আৰক্ষীৰ সৈতে বাৰে বাৰে হোৱা সংঘৰ্ষত ১০০ৰো অধিক প্ৰতিবাদকাৰী আহত হৈছে। ফলত উত্তেজনা বাঢ়িল। ইতিমধ্যে থৌবালৰ জিলা বিজেপিৰ কাৰ্যালয় আৰু ইম্ফলৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অত্মীয়ৰ ঘৰত ক্ষুব্ধ ৰাইজে আক্ৰমণ চলাইছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰ দুগৰাকী। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত দুজন ছাত্ৰক দুজন অস্ত্ৰধাৰী দুবৃর্ত্তৰ সৈতে বহি থকা দেখা গৈছে। আন এখন ছবিত তেওঁলোকৰ মৃতদেহ পৰি থকা দেখা গৈছে। এনডিটিভিৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ছাত্ৰ দুজনৰ মৃতদেহ। বিষ্ণুপুৰ জিলাত শেষবাৰৰ বাবে দেখা গৈছিল ছাত্ৰ দুজনক। অভিযোগ অনুসৰি মেইটেই সম্প্ৰদায়ৰ ছাত্ৰ দুজনক কুকি দুবৃর্ত্তই অপহৰণ কৰি হত্যা কৰে।