ৰাজনীতিলৈ অহাৰ কথা ঘোষণা কৰিছে বক্সিং তাৰকা মেৰীকমৰ স্বামী কে অনখ’লেয়ে৷ ২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মেৰী কমৰ স্বামী কে অনখ’লেয়ে৷ মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ চাইক’ট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ জনায়৷
বিকাশৰ ক্ষেত্ৰতেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমক অনখ’লেয়ে জানিবলৈ দিয়ে৷ কিন্তু তেওঁ কোনটো দলৰ হৈ প্ৰতিনিধিত্ব কৰিব সেইকথা এতিয়াও স্পষ্ট হোৱা নাই৷ জানিবলৈ পোৱা মতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হৈ এইবাৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷