ৰাজস্থানে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত ৰেল লাভ কৰিলে । নতুন দিল্লীত ভাৰ্চুৱেল মোডত এই ৰেলসেৱা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ১৫ নং ষ্টপেজত ভাৰত এক্সপ্ৰেছ ৰেল উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয় “ এতিয়া ই উন্নয়ন, আধুনিকতা, আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষমতাৰ সমাৰ্থক হৈ পৰিছে। বন্দে ভাৰত এক্সপ্ৰেছে ৰাজস্থানৰ পৰ্যটনত যথেষ্ট সহায় কৰিব। যোৱা দুমাহত ষষ্ঠখন বন্দে ভাৰত ৰে’ল উদ্বোধন কৰিবলৈ সক্ষম হোৱাটো মোৰ সৌভাগ্য৷”
ইয়াৰ পিছতে মোদীয়ে বিৰোধীক আক্ৰমণ কৰে। তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে স্বাৰ্থপৰ আৰু অজনপ্ৰিয় ৰাজনীতিয়ে সদায় ৰেলৱে আধুনিকীকৰণৰ বাটত বাধাৰ সৃষ্টি কৰি আহিছে। ব্যাপক দুৰ্নীতিয়ে যেনেকৈ ৰে’লৱেৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে, ঠিক তেনেদৰে নিযুক্তিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ সৃষ্টি কৰিছে।
ইয়াৰ পিছতৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক বন্ধু বুলি সম্বোধন কৰি মোদীয়ে কয়, “গেহলট ডাঙৰীয়া আপোনাৰ দুয়োহাতে লাডু আছে! ৰে’ল মন্ত্ৰীও ৰাজস্থানৰ, আৰু ৰে’ল ব’ৰ্ডৰ অধ্যক্ষও ৰাজস্থানৰ ৷ আপোনাৰ দুগুণ সুবিধা হৈ গ’ল।” দিল্লী কণ্টনমেণ্ট আৰু আজমেৰৰ মাজত চলিব নতুন বন্দে ভাৰত এক্সপ্ৰেছ।এই ভ্ৰমণৰ বাবে ৫ ঘণ্টা ১৫ মিনিট সময় লাগিব। ১৩ এপ্ৰিলৰ পৰা ইয়াৰ বাণিজ্যিক যাত্ৰা আৰম্ভ হ’ব। জয়পুৰ, আলৱাৰ আৰু গুৰুগ্ৰামত ৰ’ব এই ৰেলখন।