অপৰাধীৰ ৰম্যভুমিত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী চহৰ ৷ চুৰি-ডকাইতি, হত্যাকাণ্ডৰ ঘটনাই নিতৌ জোকাৰি গৈছে মহানগৰী ৷ এইবাৰ হাতীগাৱঁৰ লখিমীনগৰৰ এটা বাসগৃহত এজন লোকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ নাম হৈছে মিলন চেত্ৰী ৷ লখিমীনগৰৰ চিন্ময় পথৰ এটা বাসগৃহত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বিগত প্ৰায় ২০ বছৰ ধৰি উক্ত বাসগৃহটোত তেওঁ কেয়াৰ টেকাৰ হিচাপে বাস কৰি আহিছিল ৷ কালি বাসগৃহটোৰ পৰা দূর্গন্ধ ভাহি অহাত ওচৰৰ লোকসকলে আৰক্ষীক খবৰ দিয়ে ৷ পাছত আৰক্ষী আহি ঘৰটোৰ তলা ভাঙি চোৱাত মিলন চেত্ৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটোত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে ৷ যাৰ বাবে কোনো লোকে তেওঁক হত্যা কৰা বুলি সন্দেহ অধিক ঘনীভূত হৈ পৰিছে ৷ লখিমীনগৰত চাহৰ দোকান দি পেট প্ৰৱর্তন কৰা মিলনক কোনে কিয় হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱর্তত ৷ জানিব পৰা মতে ঘৰটোত অকলে বাস কৰিছিল মিলন চেত্ৰীয়ে ৷ প্ৰায় ৫ বছৰমান পূর্বে তেওঁক পত্নীয়ে এৰি থৈ গৈছিল বুলি ওচৰ চুবুৰীয়াই প্ৰকাশ কৰিছে ৷ অবশ্যে তেওঁৰ পুত্ৰ- কন্যাই ধন বিছাৰি নির্যাতন চলাইচিল বুলিও জানিব পৰা গৈছে ৷ এয়া প্ৰকৃতার্থত এক হত্যাকাণ্ড নে আত্মহত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷