VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩ আৰম্ভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2023
in মুখ্য সংবাদ
যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩ আৰম্ভ
0
SHARES
81
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫মে’:-অসমীয়া জাতিসত্তাৰ শৈক্ষিক-বৌদ্ধিক,ভাষা-সাহিত্য, জ্ঞান-বিজ্ঞান,কলা-সংস্কৃতি উত্তৰণৰ সেৱাত এক বৃহৎ সংগঠন হিচাপে অসম জাতীয় বিদ্যালয়ে আগবঢ়াই অহা অৱদানক প্ৰতিফলিত কৰিবলৈ আজিৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ-২০২৩। প্ৰথমবাৰৰ বাবে মহানগৰীৰ বাহিৰত অনুষ্ঠিত হৈছে এই ৰাজ্যিক সমাৰোহ । যোৰহাট জিলাৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট,শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে সমাৰোহখনি।উদ্যোক্তাসকলে জনোৱা মতে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ দুহেজাৰৰো অধিক জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষার্থী, প্রাক্তন শিক্ষার্থী,অভিভাৱক, বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। ইয়াৰ বাবে “চুকাফা সমন্বয় ক্ষেত্ৰ”ৰ চৌহদত একেলগে দহ হেজাৰো অধিক লোকে বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ । তদুপৰি ১৫০০ৰো অধিক লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সুবিশাল ভোজনালয় ব্যৱস্থা কৰা হৈছে।শুক্ৰবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দিনৰ ১১ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ কৰা হৈছে । ইয়াৰ পিছতেই বিয়লি যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই প্ৰতিনিধি শিবিৰ মুকলি কৰিব । পিছবেলা যোৰহাট আৰক্ষী অধীক্ষক মোহন লাল মীনাই শিল্প প্ৰদৰ্শনী আৰু যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° শুভলক্ষ্মী ৰাজকুমাৰী গ্ৰন্থ প্ৰদৰ্শনী উদ্বোধন কৰিব । বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কেন্দ্ৰীয় পৰিষদ,সাধাৰণ পৰিষদ আৰু জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ৰ আদৰণী সমিতিৰ যুটীয়া সভা ।

সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মৰা হ’ব । দ্বিতীয় দিনা পুৱা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ পতাকা উত্তোলন,দিনৰ ১০ বজাত প্ৰাক্তন শিক্ষৰ্থীৰ সৈতে কথোপকথন অনুষ্ঠান । দিনৰ ১১ বজাৰ পৰা আয়োজিত শৈক্ষিক সভাত অসমৰ চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত, বিশিষ্ট বিজ্ঞানী সাহিত্যিক ড° দীনেশ চন্দ্ৰ গোস্বামী,চিন্তাবিদ ময়ূৰ বৰা আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি ড° দয়ানন্দ বৰগোঁহাই উপস্থিত থাকিব। ইয়াৰ পিছতেই বিয়লি ৪বজাৰ পৰা ২৬ খন জিলাৰ নির্বাচিত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা জিলা ভিত্তিত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই উদ্বোধন কৰিব। সাংস্কৃতিক অনুষ্ঠানৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ৰবিবাৰে অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব । দিনৰ ১বজাৰ পৰা অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু,বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া,সন্মানীয় অতিথি হিচাপে অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° জিতেন হাজৰিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° বিদ্যুৎ চন্দন ডেকা উপস্থিত থাকিব । উল্লেখ্য যে তিনিদিনীয়া সমাৰোহখনিত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰী তথা অভিভাৱকসকল সমাৰোহস্থলীত উপস্থিত হৈ এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ছ্যুকাফা সমন্বয় ক্ষেত্ৰত ।

Previous Post

মোদীক উৎখাত কৰিবলৈ একত্ৰিত যুঁজৰ আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ

Next Post

বছৰি পাৰিশ্ৰমিক ৩২৭১ কোটি টকা! কোনটো ক্লাবত চুক্তিবদ্ধ হ’ব লিঅ’নেল মেছিয়ে?

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
বছৰি পাৰিশ্ৰমিক  ৩২৭১ কোটি টকা! কোনটো ক্লাবত চুক্তিবদ্ধ হ’ব লিঅ’নেল মেছিয়ে?

বছৰি পাৰিশ্ৰমিক ৩২৭১ কোটি টকা! কোনটো ক্লাবত চুক্তিবদ্ধ হ’ব লিঅ’নেল মেছিয়ে?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7