অসম বিদ্যালয়,মহাবিদ্যালয় তথা ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ কৰ্মচাৰী সকলৰ বাবে এক সুখবৰ ৷এইবাৰ তেওঁলোকলৈ অসম চৰকাৰে আগবঢ়াইছে এক নতুন সুবিধা ৷
শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰিছে যে বিভিন্ন ঠাইত অৱস্থিত অসম ভৱন, চাৰ্কিট হাউচ আদিত ৰেহাই মূল্যত আসন লাভ কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰা চৰকাৰী শিক্ষক আৰু কৰ্মচাৰী, প্ৰাদেশিক আৰু স্বায়ত্তশাসিত মহাবিদ্যালয় সমূহৰ লগতে অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ অন্যান্য চৰকাৰী কৰ্মচাৰী সকলেও শিক্ষক সকলৰ সমানে সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ।শেহতীয়াকৈ এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম.এছ. মণিৱন্ননে ।
আনহাতে , অসম মহাবিদ্যালয় শিক্ষক সন্থাই চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ই মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, গ্ৰন্থাগাৰিক আৰু আন কৰ্মচাৰীসকলৰ লগতে অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ শিক্ষক আৰু আন কৰ্মচাৰীসকলক যথেষ্ট লাভান্বিত কৰিব।
অসম মহাবিদ্যালয় শিক্ষক সন্থাই শিক্ষক সংস্থাটোৰ দীৰ্ঘদিনীয়া দাবী পূৰণত সহায় কৰাৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু সংগঠনটোৰ প্ৰাক্তন সভাপতি অধ্যাপক বিশ্বজিৎ ভূঞাক কৃতজ্ঞতা জ্ঞাপন কৰে।