আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাই অলপতে সৌৰ জগতত এটা নতুন গ্ৰহৰ সন্ধান লাভ কৰিছে। হাতীপটি তাৰকা ৰাজ্যৰ বাহিৰত নাছাৰ চন্দ্ৰা এক্সৰে অবজাৰভেতৰীয়ে প্ৰথমবাৰৰ বাবে গ্ৰহৰ সন্ধান পাইছে।
সন্ধান লাভ কৰাৰ গ্ৰহটো মেছিয়াৰ -৫১ নামৰ তাৰকা ৰাজ্যখনৰ বুলি জানিব পৰা গৈছে যাৰ আকৃতি শণি গ্ৰহৰ নিচিনা বুলি উল্লেখ কৰিছে।
পৃথিৱীৰ পৰা এই গ্ৰহৰ দূৰত্ব ২৮ নিযুত আলোকবৰ্ষ বুলি জানিব পৰা গৈছে। আনহাতে গ্ৰহটোৱে সূৰ্যতকৈ ২০ বেছি ভৰৰ এটা নক্ষত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰে বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে।
নতুন গ্ৰহৰ সন্ধানে মেছিয়াৰ- ৫১ নামৰ তাৰকা ৰাজ্যখনৰ ওপৰত বিভিন্ন তথ্য লাভ কৰিব পৰা যাব বুলি উল্লেখ কৰিছে।