ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে যান বাহনৰ গতিবেগৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে অন্য সকলো পথতে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰিছে।
এতিয়াৰে পৰা ছাইড বাম থকা ফ’ৰলেন পথত সৰ্বোচ্চ গতিবেগ হ’ব ঘণ্টাত ৮০ কিলোমিটাৰ। ডাবল লেন পথত ৭০ কিলোমিটাৰ, ছাইড বাম নথকা সমতল পথত ৬০ কিলোমিটাৰ, চিংগল লেনৰ পথত ঘণ্টাত ৪০ কিলোমিটাৰ গতিবেগত গাড়ী চলাব পাৰিব।
আনহাতে গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক ৫০ কিলোমিটাৰৰ গতিবেগত গাড়ী চলাব পাৰিব। অন্য চহৰৰ ক্ষেত্ৰত এই গতিবেগ হ’ব ঘণ্টাত ৪০ কিলোমিটাৰ। আনহাতে জনবহুল, স্পৰ্শকাতৰ এলেকাত এই গতিবেগ ২০ কিলোমিটাৰ হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছে।
ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ বাবে বিভাগটোৱে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।