আমেৰিকাৰ ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ দেশখনৰ ইতিহাসতে এই আক্ৰমণ জঘন্য হিচাপে বিবেচিত হৈছিল ৷ কিন্তু আশ্চর্য্যজনকভাৱে এই আক্ৰমণৰ তথ্য এমাহ আগতে লাভ কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে ৷ তৎসত্বেও ৰাষ্ট্ৰপতি গৰাকীয়ে সেই সময়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ আমেৰিকাৰ আগশাৰীৰ সংবাদমাধ্যম চিএনএনে এক তদন্তমূলক প্ৰতিবেদন এই তথ্য প্ৰকাশ পাইছে ৷
প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০০৪ চনৰ এপ্ৰিল মাহৰ কিছুমান চৰকাৰী নথি-পত্ৰৰ কথা উল্লেখ কৰা হৈছে। তেওঁলোকে দাবী কৰা অনুসৰি হোৱাইট হাউছৰ তেতিয়াৰ বাসিন্দাগৰাকীক কমেও এমাহ পূৰ্বে চোৰাংচোৱা সূত্ৰই আল কায়দাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে খবৰ দিছিল। কিন্তু সমগ্ৰ বিষয়টো গম পোৱাৰ পিছত তেওঁ আচৰিত ধৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷
ইুআৰ পূর্বে ২০০৪ চনত আমেৰিকাৰ এটা সংবাদমাধ্যমে দাবী কৰিছিল যে বুশ্বৰ হাতত ৯/১১ৰ আক্ৰমণৰ বিষয়ে আগতীয়া তথ্য আছিল ৷ বাতৰিটোত দাবী কৰা হৈছিল যে ২০০১ চনৰ ৬ আগষ্টত আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএই বুশ্বক ওছামা বিন লাডেনৰ বিধ্বংসী পৰিকল্পনাৰ বিষয়ে ‘অৱগত’ কৰিছিল। কিন্তু এই কথা জানিও বুশ্বে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।