অনলাইন বিত্তীয় জালিয়াতিৰ অভিযোগ নতুন নহয়। প্ৰায় প্ৰতিদিনেই কোনোবা নহয় কোনোবা ব্যক্তি প্ৰৱঞ্চকৰ জালত পৰে। কিন্তু প্ৰতিটো গোচৰ প্ৰায় একেই। শেহতীয়াকৈ এক অনলাইন প্ৰৱঞ্চনাৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে । দিল্লীৰ বাসিন্দা এগৰাকী শিক্ষকে হেৰুৱাবলগীয়া হৈছে প্ৰায় ডেৰ লাখ টকা। কিন্তু তাৰ আগতে মোবাইলত কোনো মেছেজ, অ’টিপি বা লিংক, একো অহা নাছিল । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি ঘটনাৰ দিনা সন্ধিয়া বজাৰলৈ গৈছিল প্ৰতাৰিত শিক্ষকজন। কিছু সময়ৰ পাছত ঘৰলৈ উভতি আহোঁতে মোবাইলত এটা মেইল লাভ কৰে ৷ মেইল খুলি তেওঁ হতচকিত হৈ পৰে ৷ ৩ ঘণ্টাত তেওঁৰ বেংক একাউণ্ট দুটাৰ পৰা প্ৰায় ৮ বাৰ ধন কৰ্তন কৰা হ’ল। এছ বি আইত থকা ব্যক্তিজনৰ দুটা একাউণ্টৰ পৰা এই ধন কর্তন কৰা হৈছিল । প্ৰথমে একাউণ্টৰ পৰা উলিয়ালে ৯৫ হাজাৰ টকা। দ্বিতীয়বাৰ একাউণ্টৰ পৰা ২০ হাজাৰ টকা উলিয়াই লৈ যায় । কিন্তু আশ্চৰ্যজনকভাৱে এই বিষয়ে কোনো ফোন বা মেছেজ প্ৰতাৰিত ব্যক্তিজনৰ ওচৰলৈ অহা নাছিল ৷
এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰৱঞ্চকে মোবাইল বেংকিং এপৰ জৰিয়তে পোনপটীয়াকৈ একাউণ্টটো হেক কৰে। তাৰ পৰা টকা উলিয়াই লৈ যায় । বিষয়টো পোহৰলৈ অহাৰ পিছতে সকলো একাউণ্ট বন্ধ কৰি দিয়া হয় ।