শান্তি স্থাপনৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কেইবালানি আলোচনা সম্পন্ন হোৱাৰ পাছতো আজিপর্যন্ত ওলৱা নাই কোনো সমাধানসূত্ৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত অব্যাহত আছে যুদ্ধ ৷ ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আক্ৰমণৰ বাবে অগ্ৰসৰ হৈছে ৷ ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ চাৰিখন মুখ্য চহৰ ঘেৰি ধৰাৰ লগতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ৷ ৰাজধানী কিয়েভৰ উপৰি ইৰপিন আৰু বাচাকে ধৰি উপনগৰীসমূহত প্ৰচণ্ড বোমাবর্ষণ কৰি আহিছে ৰাছিয়ান সেনা বাহিনীয়ে ৷
কিয়েভৰ মেয়ৰ ভিটালি ক্লিষ্ট্কোৱে সদৰী কৰা অনুসৰি ইতিমধ্যে চহৰখনৰ আধাতকৈ অধিক লোকে পলায়ন কৰিছে ৷ তেওঁ লগতে কয়-“ চহৰখনক দুৰ্গলৈ ৰূপান্তৰিত কৰা হৈছে। প্ৰতিটো ৰাস্তা, প্ৰতিটো অট্টালিকা, প্ৰতিটো চেকপইণ্টত সুৰক্ষা কর্মী নিয়োগ কৰা হৈছে।” ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভেলোডাইমিৰ জেলেনেস্কিয়ে কয় যে দুদিনৰ ভিতৰত প্ৰায় ১,০০,০০০ লোকে দেশখনৰ চহৰসমূহৰ পৰা সুৰক্ষিত স্থানলৈ পলায়ন কৰিছে ৷ কিন্তু ৰাছিয়াৰ বাহিনীয়ে মাৰিঅ’প’ল চহৰত এটা মানৱীয় কৰিডৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি তেওঁ অভিযোগ কৰিছিল। ইপিনে ইউক্ৰেইনৰ কেন্দ্ৰীয় চহৰ ডিনিপ্ৰ’ত শুকুৰবাৰে পুৱতি নিশা তিনিটা বিমান আক্ৰমণত কমেও এজন লোক নিহত হয় ৷ এই আক্ৰমণত এখন উদ্যান আৰু এটা এপাৰ্টমেণ্ট ভৱনৰ ওচৰত সংঘটিত হৈছিল ।