দেশবাসীৰ বাবে এটা ভাল খবৰ। ইতিমধ্য চলিত বৰ্ষত মহিলা কেডাৰৰ নামভৰ্তিৰ বাবে প্ৰ পত্ৰ পূৰণ আৰম্ভ হৈছে। কেইবছৰমানৰ ভিতৰতে দেশৰ সামৰিক বাহিনীত মহিলাৰ সংখ্যা বৃদ্ধি পাব।
পুণেত উপস্থিত হৈ ১৪১তম পাছিং আউট পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনে ভাৰতীয় সেনা বাহিনীত মহিলাৰ মোতায়েনৰ কথা উল্লেখ কৰে। NDA ত মহিলাৰ অন্তৰ্ভুক্তিয়ে অদূৰ ভৱিষ্যতে ভাৰতত মহিলা সেনা প্ৰধান লাভ কৰাত সহায় কৰিব।
নেচনেল ডিফেঞ্চ একাডেমীত মহিলাৰ বাবে অলপ পৃথক আন্তঃগাঁঠনিৰে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। পুৰুষক প্ৰদান কৰা সকলো সামৰিক শিক্ষা মহিলাৰ বাবেও উপলব্ধ হ’ব। কিন্তু শিক্ষণ প্ৰক্ৰিয়া পুৰুষতকৈ কিছু পৃথক হ’ব বুলি সেনা প্ৰধানজনে উল্লেখ কৰে।
ভাৰতীয় সেনা বাহিনীত অতীতৰে পৰা চলি অহা লিংগ বৈষম্য দূৰ কৰিবলৈ কৰা প্ৰচেষ্টা আদৰণীয়। ইতিমধ্যে ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাত যুঁজাৰু জাহাজৰ দায়িত্ব মহিলাৰ হাতত অৰ্পণ কৰা হৈছে। চীন ভাৰতীয় সীমান্তত অত্যাধুনিক অস্ত্ৰৰে সৈতে মহিলা সেনা বিষয়া নিয়োগ কৰা হৈছে।