ভাৰতৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক কংগনা ৰানাৱটলৈ পদ্মশ্ৰী সন্মান
আজি কংগনা ৰানাৱটক ২০২০বৰ্ষৰ দেশৰ সৰ্বোচ্চ সন্মান সমূহৰ ভিতৰত অন্যতম পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । দিল্লী স্থিত ৰাষ্ট্ৰপতি ভৱনত তেওঁক এই সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কʼভিন্দে। বঁটা প্ৰদানৰ মূহুৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে প্ৰমূখ্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য কেইবাগৰাকীও আগশাৰীৰ ব্যক্তি উপস্থিত থাকে।
প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা সন্ধিয়া দেশৰ সৰ্ব্বোচ্চ সন্মান হিচাপে পৰিগণিত এই ‘পদ্ম’ বঁটা প্ৰাপক সকলৰ নাম ঘোষণা কৰি অহা হৈছে। এই ‘পদ্ম’ বঁটা তিনি ভাগত বিভক্ত। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী ।
প্ৰতি বছৰেই একো একোটা নিৰ্দিষ্ট বিষয়ৰ ভিত্তিত আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰি পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
এইবাৰ সৰ্বমুঠ ১১৯টা ‘পদ্ম’ বঁটা প্ৰদান কৰা হয়। তাৰে ৭টা পদ্ম বিভূষণ,১০টা পদ্ম ভূষণ আৰু ১০২গৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে।