এযোৰ জোতাৰ মূল্য কিমান হ’ব পাৰে বুলি আপুনি ভাবে ? শুনিবলৈ আচৰিত যেন লাগিলেও এযোৰ জোতাৰ মূল্য ১৮ কোটি টকা নির্ধাৰণ কৰা হৈছে । তাকো ২৫ বছৰীয়া এযোৰ পুৰণি জোতাৰ। কিন্তু কিহৰ কাৰণে এই জোতাযোৰৰ ইমান মূল্য নির্ধাৰণ কৰা হৈছে জানেনে ? এই জোতাযোৰ পৰিধান কৰিছিল মাইকেল জৰ্ডানে । আমেৰিকাৰ বিখ্যাত বাস্কেটবল খেলুৱৈগৰাকীয়ে ১৯৯৮ চনত কেৰিয়াৰৰ শেষবাৰৰ বাবে এই জোতা পিন্ধিছিল।
১৯৯৮ চনত জৰ্ডানে চিকাগো বুলছৰ হৈ খেলিছিল। ৰঙা আৰু ক’লা ৰঙৰ জোতা পিন্ধি তেওঁ খেলিছিল। দ্বিতীয়খন খেলত জৰ্ডানে এই জোতাযোৰ পিন্ধিছিল। সেই সময়ত তেওঁৰ মেচখনক ‘লাষ্ট ডান্স’ বুলি কোৱা হৈছিল। সেইখনেই জৰ্ডানৰ শেষ মেচ। তেওঁ ৬টা এনবিএ চেম্পিয়নশ্বিপ লাভ কৰে। মেচখনত বুলছে ৯৩-৮৮ গ’লত জয়লাভ কৰে।
আগতে ইমান বেছি দামত কাৰো জোতা নিলাম হোৱা নাছিল। ২০২১ চনত সংগীতশিল্পী কেনি ৱেষ্টৰ স্নিকাৰৰ দাম প্ৰায় ১৫ কোটি টকালৈ বৃদ্ধি পাইছিল। সেই দাম অতিক্ৰম কৰিছিল জৰ্ডানৰ জোতাৰ মূল্য ৷ ১৯৯৮ চনৰ ছিজনৰ জৰ্ডানৰ প্ৰথমখন গেম জাৰ্চি যোৱা বছৰ নিলাম কৰা হৈছিল। সেই জাৰ্চিৰ দাম আছিল প্ৰায় ৮৩ কোটি টকা।
১৯৬৩ চনত জন্মগ্ৰহণ কৰিছিল ৬ফুট ৬ইঞ্চিৰ জৰ্ডানৰ। ছবাৰ এনবিএ চেম্পিয়নশ্বিপ আৰু ছবাৰ এনবিএ ফাইনেলৰ এমভিপি জৰ্ডানেও দুবাৰকৈ অলিম্পিকত সোণৰ পদক লাভ কৰে। চিকাগো বুলছৰ উপৰিও জৰ্ডানে ৱাশ্বিংটন উইজাৰ্ডছৰ হৈও খেলিছিল।