পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰী ছাংহাই সহযোগিতা সংস্থা(এছ চি অ’)ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হৈছে ৷ চৰকাৰী সূত্ৰ অনুসৰি এছ চি অ’ৰ দুদিনীয়া (বৃহস্পতিবাৰ আৰু শুকুৰবাৰ) বৈদেশিক মন্ত্ৰী সন্মিলনৰ সময়ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে তেওঁ বৈঠকত মিলিত হ’ব পাৰে ৷
এপ্ৰিল মাহত পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাৰা বালোচে সাপ্তাহিক সংবাদমেলত কয় যে জয়শংকৰৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই বিলাল ভাৰতলৈ যাব ৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। ইয়াৰ পিছত বিগত ৯ বছৰত আন কোনো পাকিস্তানী ৰাষ্ট্ৰপতি বা শীৰ্ষ নেতৃত্বই ভাৰত ভ্ৰমণ কৰা নাছিল।
গোৱালৈ যোৱা বিমানত উঠি বিলালে টুইটাৰযোগে লিখিছে, ‘মই বৈঠকত অংশগ্ৰহণ কৰাৰ সিদ্ধান্তই চাংহাই সহযোগিতা সংস্থাৰ চনদৰ প্ৰতি পাকিস্তানৰ দৃঢ় দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। মিত্ৰ দেশসমূহৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্ৰহী।“
ৰাছিয়া, চীন, ভাৰত, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান — এই ৮খন দেশ এতিয়া চাংহাই সহযোগিতা সংস্থাৰ সম্পূর্ণ সদস্য। ইয়াৰ উপৰিও ৪খন দেশ — আফগানিস্তান, বেলাৰুছ, ইৰাণ আৰু মংগোলিয়া — পৰ্যবেক্ষকৰ সদস্য। আলোচনাৰ অংশীদাৰ ৯খন দেশ হৈছে — আৰ্মেনিয়া, আজাৰবাইজান, ইজিপ্ত, কাটাৰ, নেপাল, শ্ৰীলংকা, তুৰস্ক, কম্বোডিয়া আৰু চৌদি আৰব। ভাৰত আগতে এই মিত্ৰতাৰ সম্পূৰ্ণ সদস্য নাছিল। ২০১৭ চনত সম্পূৰ্ণ সদস্য হৈছিল ভাৰত ।