মোবাইল ফোনৰ প্ৰতি আসক্তি কাৰ নাই ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ থাকে মোবাইলত ৷ দুই চাৰিজন মানুহ একেলগে একে স্থানত থাকিলেও কথা বতৰাৰ পৰিৱর্তে মোবাইলত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ কিন্তু স্য়ং মোবাইলৰ অৱিস্কর্তাইয়ো ভবা নাছিল যে এনে এটা দিন আহিব যে সকলো লোক কেবল মোবাইলত ব্যস্ত হৈ থাকিব ৷ শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে মোবাইলৰ আৱিস্কাৰক মার্টিন কুপাৰে ৷ তেওঁ কয় -“মানুহে গোটেই দিনটো নিজৰ ফোনলৈ ব্যস্ত হৈ থাকে। মই ভবা নাছিলো যে এনেকুৱা হ’ব!” আমেৰিকাৰ অভিযন্তা মাৰ্টিন কুপাৰে ৫০ বছৰ পূৰ্বে এই মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। এতিয়া এই যন্ত্ৰটোৰ প্ৰতি মানুহৰ মোহ আৰু ভ্ৰম দেখি তেওঁ ক্ষুন্ন হৈ উঠিছে। তেওঁ কয় যে পকেটৰ ভিতৰত ৰাখিব পৰা সৰু যন্ত্ৰটোৱে বহু সমস্যা সহজ কৰি তুলিব পাৰে সেইটো হয়, কিন্তু মানুহ অলপ বেছি আকৰ্ষিত হৈ পৰিছে!
শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ ডেল মেৰেত থকা নিজৰ কাৰ্যালয়ত সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৯৪ বছৰীয়া কুপাৰে কয় , ‘কোনোবাই ৰাস্তা পাৰ হৈ চেল ফোন চাই থকা দেখিলে মোৰ হৃদয় ভাঙি যায়। কিছুমান মানুহৰ এনেদৰে মৃত্যু নহ’লে কাৰো মনলৈ সাৱধনতা নাহিব ।”
কুপাৰে পৰিধান কৰে এপল ঘড়ী। আইফোনৰ শেহতীয়া সংস্কৰণ তেওঁ ব্যৱহাৰ কৰে ৷ নতুন সংস্কৰণ আহিলেই মোবাইল ফোনটো সলনি কৰি দিয়া বুলিও তেওঁ ক’য় । কিন্তু একে সময়তে তেওঁ স্বীকাৰ কৰে যে ফোনত হাজাৰ হাজাৰ এপ আছে, যাৰ বেছিভাগেই তেওঁ ব্যৱহাৰ কৰিব নাজানে। কুপাৰৰ ভাষাত, “মোৰ নাতি-নাতিনী বা তেওঁলোকৰ সন্তানে ব্যৱহাৰ কৰা ধৰণে মই কেতিয়াও মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিম। বেছিভাগেই কথা পাতিবলৈ ফোন ব্যৱহাৰ কৰো।আজি মানুহে যি মোবাইল ফোনৰ যাদু উপভোগ কৰে, সেয়া সদায় নাথাকিব।প্ৰতিটো প্ৰজন্ম অধিক বুদ্ধিমান হ’ব, প্ৰযুক্তি অধিক উন্নত হ’ব।”
কুপাৰে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথমটো মোবাইল ফোন নিৰ্মাণ কৰে। সেই ফোনটো আছিল যথেষ্ট গধুৰ, বহু তাঁৰৰ সৈতে জটিল বস্তু। সেই সময়ত তেওঁ এটা মোবাইল নিৰ্মাণ কোম্পানীত কাম কৰি আছিল। কোম্পানীটোৱে লাখ লাখ ডলাৰৰ প্ৰকল্প হাতত লৈছিল। বজাৰত প্ৰতিযোগিতাও বৰ বেছি। যুদ্ধ চলি আছে, কোনে প্ৰথমে মোবাইল লৈ আহিব। কাৰণ মোবাইল ফোন বনোৱাৰ পৰিকল্পনা বহু আগতেই মানুহৰ মনলৈ আহিছিল। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ কিছু সময়ৰ পিছতে প্ৰথম চিন্তা আৰম্ভ হৈছিল। ১৯৬০ চনত এটা কোম্পানীয়ে গাড়ীত ফোন ব্যৱস্থা প্ৰৱৰ্তন কৰে। কিন্তু সেই আৱিষ্কাৰ বৰ সফল নহ’ল। তাৰ বাবে গাড়ীখনৰ এটা বিশাল বেটাৰী ৰাখিব লগীয়া হৈছিল৷ মুঠতে বিষয়টো যথেষ্ট অসুবিধাজনক। “
১৯৭২ চনৰ শেষৰ ফালে কুপাৰে সিদ্ধান্ত লয় যে তেওঁ এনে এটা যন্ত্ৰ তৈয়াৰ কৰিব যিটো এজন ব্যক্তিয়ে সকলো সময়তে লগত লৈ যাব পাৰে। যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰিব। কুপাৰ আৰু তেওঁৰ বিশেষজ্ঞ দলটোৱে একেৰাহে তিনিমাহ ধৰি দিনে-নিশাই গৱেষণা কৰিছিল। কুপাৰৰ প্ৰথমটো মোবাইল ফোনটোৰ ওজন আছিল ১ কিলোগ্ৰামতকৈও অধিক। সৰ্বাধিক ২৫ মিনিট কথা ক’ব পাৰিছিল মোবাইলটোৰে ৷হাতত সেই ২৫ মিনিট সময় লৈ কুপাৰে প্ৰথমটো ফোন কল কৰিলে প্ৰতিদ্বন্দ্বী ফোন নিৰ্মাতা কোম্পানী এটাৰ কাৰ্যালয়লৈ। ক’লে, “মই মাৰ্টিন কুপাৰ। হেণ্ডহেল্ড মোবাইলত কথা পাতি আছো। এটা সঁচাকৈয়ে চেল ফোন, ব্যক্তিগত, পৰ্টেবল, হাতেৰে ধৰিব পৰা ।”