দেশজুৰি বাঢ়িয়েই আছে ইন্ধনৰ মূল্য ৷ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আজি প্ৰতি লিটাৰত ৮০ পইচা বৃদ্ধি হৈছে ৷ বিগত পাঁচ দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে ৷ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে তৈল প্ৰতিষ্ঠানসমূহে বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য ।দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৮.৬১ টকা হ’ব ৷ পূর্বে এই মূল্য আছিল ৯৭.৮১ টকা ৷ আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৯.০৭ টকাৰ পৰা ৮৯.৮৭ টকালৈ বৃদ্ধি পাইছে ৷
পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ বাবে দীর্ঘদিন ধৰি ইন্ধনৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল ৷ বিগত ২২ মাৰ্চৰ পৰা পুনৰ বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ অন্তত প্ৰতি লিটাৰ ইন্ধনৰ মূল্য় ৮০ পইচাকৈ বৃদ্ধি কৰা হৈছিল ৷ বিগত পাচঁদিনত চাৰিবাৰকৈ হোৱা মূল্য বৃদ্ধিৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩.২০ টকাকৈ বৃদ্ধি পাইছে ৷
নৱেম্বৰৰ আৰম্ভণিতে প্ৰায় প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ৮২ আমেৰিকান ডলাৰৰ পৰা ১১৭ আমেৰিকান ডলাৰলৈ বৃদ্ধি হোৱা স্বত্বেও অভিলেখসংখ্যক ১৩৭ দিনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা হোৱা নাছিল ৷ কেবল ৫ ৰাজ্যৰ নির্বাচনৰ বাবেই বিগত দিনসমূহত বৃদ্ধি কৰা হোৱা নাছিল ইন্ধনৰ মূল্য ৷